চলাপথাৰত থাইলেণ্ডৰ ৰয়েল কাঠিনা দানোৎসৱ

sonari

চৰাইদেউৰ পৰা ঘন বৰাৰ প্রতিবেদন :

 থাইলেণ্ডৰ ৰজাৰ  ৰাজকীয় আৰু সন্মানীয় "ৰয়েল কঠিনা " উৎসৱ আজি চলাপথাৰ বৌদ্ধ বিহাৰত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয়।  অসম তথা পৃথিবীৰ বিভিন্ন দেশৰ বৌদ্ধ ধৰ্মী তথা অান ধৰ্মাৱলম্বী ৰাইজৰ বাবেও অন্যতম আকৰ্ষণৰ কেন্দ্র চলাপথাৰ শ্যাম গাঁওৰ বৌদ্ধ বিহাৰত এই দান উৎসৱ অনুষ্ঠিত হয়। থাইলেণ্ডৰ ৰজাৰ প্ৰতিনিধি আৰু  থাই চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা থাই এম্বেচিৰ বিষয়া বৰ্গৰ লগতে ভাৰত তথা অসম চৰকাৰৰ কেইবাগৰাকীও প্ৰতিনিধিৰ উপস্থিতিত   এই গাম্ভীর্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজি পুৱা চলাপথাৰ বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ড° ভদন্ত শাসনবংস মহাথেৰে বৌদ্ধ ধৰ্মীয় পতাকা উত্তোলন কৰাৰ পাছতে থাইলেণ্ড ৰজাৰ প্ৰতিনিধি, থাই এম্বেছীৰ প্ৰতিনিধিবৰ্গক পৰম্পৰাগত ভাবে আদৰণি জনায় । ইয়াৰ পাছতে ৰয়েল কাঠিনা চীৱৰ দান কৰা হয়।

Your Comments