বঙাইগাঁওঃ
বিটিএডিৰ চিৰাং জিলাৰ খাগ্ৰাবাৰীৰ বৃহৎ অঞ্চলত আই নদীৰ বলুকাত অহা ২৭ ডিচেম্বৰৰ পৰা আগন্তুক ইংৰাজী নৱ বৰ্ষৰ প্ৰথম সপ্তাহলৈ অৰ্থাৎ ৭ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব চতুৰ্থ দৈজিং মহোৎসৱ । চতুৰ্থ দৈজিং মহোৎসৱ (২০১৯-২০) অনুষ্ঠিত কৰা সম্পৰ্কে আজি হাগ্ৰামা দলঙৰ তলত আই নদীৰ বালিচৰত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । দৈজিং মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শীতকালীন নৈপৰীয়া মহোৎসৱ খনি সফল ভাৱে অনুষ্ঠিত কৰা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় । সভাৰ আৰম্ভণিতে উদ্দেশ্যে ব্যাখ্যা কৰে দৈজিং মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অশোক ব্ৰহ্মই । বিগত বৰ্ষত মহোৎসৱৰ সৈতে জড়িত বহিঃ ৰাজ্যৰ লগতে অসমৰ বহু কেইজন ট্যুৰ অ'পাৰেটৰেও আজিৰ সভাত উপস্থিত থাকি পূৰ্বে লাভ কৰা সুবিধা-অসুবিধা সম্পৰ্কে নিজৰ নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে আৰু বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় । ৰাজ্যৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই দৈজিং মহোৎসৱ ৰাইজৰ উৎসৱ বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে উদযাপন সমিতিত জিলা উপায়ুক্ত প্ৰমুখ্যে প্ৰশাসনৰ লোক, পৰ্যটন বিভাগৰ লগতে অন্যান্য বিভাগৰ বিষয়া-কৰ্মচাৰী সকল জড়িত থকা মানে চৰকাৰী মহোৎসৱ বুলি ৰাইজে ভাবিব নালাগে ।
দৈজিং মহোৎসৱৰ জড়িয়তে স্থানীয় জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্য আৰু সাংস্কৃতিক বিনিময়ৰ উদ্দেশ্যে এই মহোৎসৱ খনি সফলভাৱে অনুষ্ঠিত কৰিবলৈ চৰকাৰ-প্ৰশাসন তথা পৰ্যটন বিভাগে বিশেষ সহায়-সহযোগিতাহে আগবঢ়ায় । ৰাইজে বিগত বৰ্ষ সমূহত সহায় সহযোগিতা আগবঢ়োৱা বাবে আয়োজক সমিতিয়ে মহোৎসৱটো সফল ভাৱে অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে । এইবেলি পূৰ্বৰ তুলনাত যথেষ্ট সংখ্যক লোকৰ সমাগম হ'ব বুলিও ৰাজ্যৰ পৰ্যটন মন্ত্ৰী তথা ৩১ নং চিদলী বিধানসভা সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মই সভাত আশা প্ৰকাশ কৰে । লগতে মন্ত্ৰী ব্ৰহ্মই পূৰ্বৰ দৰেই স্থানীয় ৰাইজে সহায়-সহযোগ আগবঢ়াব বুলি আশা প্ৰকাশ কৰে । আনহাতে এইবেলি যান- যট আঁতৰ কৰিবলৈ কেইবাটাও বিকল্প সুগম পথৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্ত্ৰী চন্দন ব্ৰহ্মই সভাত মন্তব্য কৰে । ইতিমধ্যে পথ নিৰ্মাণ তথা মেৰামতিৰ কাম পূৰ্ণ গতিত চলি আছে বুলিও সভাত উপস্থিত ৰাইজ আৰু সংবাদ কৰ্মীক অৱগত কৰে । পূৰ্বৰ তুলনাত এইবেলি বহুত নতুন নতুন দিশ সামৰি ৰাইজক মনোৰঞ্জন দিয়াৰ উপৰিও দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব পৰাকৈ সকলো ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা হাতত লৈছে বুলিও মন্ত্ৰী চন্দন ব্ৰহ্মই উল্লেখ কৰে। ইপিনে এইবেলি যান-যট নিয়ন্ত্ৰণ আৰু সুৰক্ষাৰ দিশত চিৰাং জিলা আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সভাত আশ্বাস দিয়ে । আৰক্ষী অধীক্ষকগৰাকীয়ে ৰাইজৰ সেৱাত নিয়োজিত আৰক্ষীক সহায়-সহযোগ কৰিবলৈ স্থানীয় ৰাইজ আৰু বিভিন্ন সামাজিক সংগঠনক আহ্বান জনায় ।
সেইদৰে সভাপতিৰ ভাষণত উপায়ুক্ত গৌতম তালুদাৰে দৈজিং উৎসৱস্থলীক এক তীৰ্থ ক্ষেত্ৰ বুলি অভিহিত কৰে। বিভিন্ন জাতি- ধৰ্ম তথা বৰ্ণৰ লোকে মহোৎসৱৰ দিন কেইটাত একত্ৰিত হৈ আই নদীৰ বলুকাক এক মহা মিলনৰ ক্ষেত্ৰত পৰিণত কৰে বাবেই তীৰ্থস্থান বুলি অভিহিত কৰিব পাৰি বুলি জিলা উপায়ুক্ত গৰাকীয়ে লগতে মন্তব্য কৰে । আজিৰ সভাত ৰাজ্যৰ ট্যুৰিজিম ডিৰেক্টৰ দেৱ কুমাৰ মিশ্ৰ, এটিডিচিৰ এম ডি ভাস্কৰ ফুকন, এটিডিচিৰ জি এম ভাস্কৰ বৰুৱা, সদৌ অসম ট্যুৰ অ'পাৰেটৰ এচোছিয়েচনৰ সাধাৰণ সম্পাদক কুলদ্বীপ শৰ্মা, কাজলগাঁও নগৰ সমিতিৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম, সমাজকৰ্মী শশাংক ব্ৰহ্ম, শুদ্ধ বসুমতাৰী আদি বিশিষ্ট ব্যক্তি সকলৰ লগতে স্থানীয় শতাধিক ৰাইজ উপস্থিত থাকে । উল্লেখ্য যে বিগত বৰ্ষবোৰত অসংখ্য লোকৰ সমাগমেৰে দৈজিং মহোৎসৱে ৰাইজৰ ব্যাপক সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছিল ৷
- Log in to post comments
- 7 views