বঙাইগাঁৱত কৃষক মুক্তিৰ পথ অৱৰোধ

bgn

বঙাইগাঁওঃ

বঙাইগাঁও জিলাৰ তালগুৰিৰ পৰা বাসুগাঁও সংযোগী পথছোৱা পুনৰ নিৰ্মাণৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ধনতোলা- বামুণীটিলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে পচাগাঁৱত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে তালগুৰি - বাসুগাঁও সংযোগী পথ শীঘ্ৰে পুনৰ নিৰ্মাণ কৰি দিব লাগিবই , গড়কাপ্তানী বিভাগ হায় হায় , গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায় , অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱ নাথে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে বঙাইগাঁও জিলাৰ যিমান বিলাক সংযোগী পথ আছে প্ৰায় সংখ্যক পথৰ অৱস্থাই জৰাজীৰ্ণ ৷ তালগুৰি - বাসুগাঁও সংযোগী পথ , শালবাৰী - ছহিদবেদী সংযোগী পথ আছে এই সংযোগী পথ বিলাক দীৰ্ঘদিনৰ পৰা বেয়া হৈ আছে ৷

bgn যাৰ ফলত জনসাধাৰণে যাতায়ত কৰাৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে ৷ বাৰে বাৰে দাবী জনোৱাৰ পিচতো কিন্তু কোনো মন্ত্ৰী , বিধায়ক তথা গড়কাপ্তানী বিভাগে গুৰুত্ব দিয়া নাই ৷ সেয়ে আজি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ধনতোলা- বামুণীটিলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তালগুৰি - বাসুগাঁও সংযোগী পথটো পুনৰ নিৰ্মাণৰ দাবীত এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ৷ এই পথটো বেয়া হোৱাৰ অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে ইয়াত চলি থকা শিলৰ কোৱাৰিটোৰ পৰা দৈনিক অভাৰ বহু লোডিং ডাম্পাৰ- ট্ৰাক অহা- যোৱা কৰাটো ৷ যাৰ বাবে পথবোৰ জৰাজীৰ্ণ হৈ পৰিছে ৷ নেতা জনে পুনৰ কয় যে আমি বঙাইগাঁও জিলাৰ গড়কাপ্তানী বিভাগ ,গড়কাপ্তানী মন্ত্ৰী আৰু স্থানীয় বিধায়কসকলক অনুৰোধ জনাইছো যাতে অনতিপলমে ৰাইজৰ দাবী মানি লৈ পথটো পুনৰ নিৰ্মাণ কৰি দিয়ে ৷

Your Comments