জমিৰ উদ্দিন তালুকদাৰ, ডবকা :
অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অধীনৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ অন্তৰ্গত হোজাই শংকৰদেৱ নগৰ স্থিত মহকুমা পৰিসংখ্যা বিষয়াৰ কাৰ্যালয়ৰ উপ-পৰিদৰ্শক অপূৰ্বজ্যোতি বৰুৱাই চৰকাৰী বিধি অনুসৰিয়ে বিগত ৩০ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে ৷ সেই উপলক্ষে বিষয়া গৰাকীক আজি বিভাগীয় বিষয়া- কৰ্মচাৰীসকলে আড়ম্বৰপূৰ্ণ আয়োজনেৰে তেখেতক শংকৰদেৱ নগৰত থকা মহকুমা পৰিসংখ্যা বিভাগৰ কাৰ্যালয়ত এক সভাৰ যোগেদি বিদায় সম্বৰ্ধনা জনায়৷ অৱসৰপ্ৰাপ্ত পৰিসংখ্যা বিষয়া গৰাকী পৰিসাংখ্যিক তথ্য বিশেষজ্ঞ হোৱাৰ উপৰিও অতি কৰ্মনিপুণ পাৰ্গত ব্যক্তি আছিল ৷ মহকুমা পৰিসংখ্যা বিষয়া অনন্ত কুমাৰ বৰাই সঞ্চালনা কৰা আৰু জামাল আহমেদে সভাৰ কাৰ্যসূচীৰ আঁত ধৰা আজিৰ সভাখনত বিদায়ী পৰিসংখ্যা বিষয়া অপূৰ্বজ্যোতি বৰুৱাক ফুলাম গামোচা, জাপি, শৰাই, চোলা, কলম, ফুলৰ থোপা আদিৰে সন্মান জনোৱা হয় ৷ শোণিতপুৰ জিলাৰ বিভাগীয় উপ-সঞ্চালক শৰত কুমাৰ বৰা মুখ্য অতিথি, নগাঁও কাৰ্যালয়ৰ আৰ্জুমা বেগম বিশিষ্ট অতিথি, শংকৰদেৱ নগৰ কাৰ্যালয়ৰ প্ৰাক্তন বিষয়া প্ৰভাত চন্দ্ৰ বৰা সন্মানীয় অতিথি আৰু বহুতো গুণমুগ্ধৰ লগতে পৰিসংখ্যা কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰী ক্ৰমে পৰিদৰ্শকদ্বয় ৰাজু খাৰিকাপ, নেফেইলাল নুনিচা, উপ-পৰিদৰ্শক মুকুল চন্দ্ৰ বৰা, ক্ষেত্ৰ বিষয়া গৌতম গোস্বামী, কৰ্মচাৰী নেহৰু গৌৰ, প্ৰদীপ গোস্বামী, মালাকাৰ, নাথ, নন্দী আদি বহু কেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকি বৰুৱাৰ কৰ্মৰাজীৰ ভূয়সী প্ৰশংসা কৰে।উল্লেখ্য যে ১৯৫৯ চনত নগাঁও জিলাৰ পুৰণিগুদামত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমান নগাঁও পানীগাঁৱৰ বাসিন্দা তথা ১৯৮১ চনতে চাকৰিত যোগদান কৰি অসমৰ বিভিন্ন ঠাইত চাকৰি কৰি অৱশেষত প্ৰায় ২০ বছৰ কাল হোজাইত চাকৰি কৰাৰ অন্তত অৱসৰ গ্ৰহণ কৰা বৰুৱা আছিল অতি সহজ-সৰল আৰু প্ৰকৃতিপ্ৰেমী ৷ তেখেতে সকলোৰে লগত মিলা-প্ৰীতিৰে কৰ্ম সমাপন কৰিছিল বুলি আজিৰ সভাত ব্যক্তব্য ৰখা সকলোৱে নিজৰ নিজৰ বক্তব্যত স্বীকাৰ কৰে৷ সম্বৰ্ধনা সভাৰ অন্তত সদ্য বিদায়ী পৰিসংখ্যা বিষয়া অপূৰ্বজ্যোতি বৰুৱাক শংকৰদেৱ নগৰ কাৰ্যালয়ৰ তৰফৰ পৰা সকলোৱে মিলি তেখেতক নগাঁও পানীগাঁও নামঘৰ পথস্থিত বাসগৃহত থৈ আহে ৷
- Log in to post comments
- 5 views