নাগাৰা নামৰ শিল্পী,ব্যৱসায়ী ধৰ্ম কান্ত তালুকদাৰৰ মৃত্যুত ঘগ্ৰাপাৰত শোকৰ ছাঁ:কাইলৈ স্থানীয় বন্ধ ঘোষণা

ghagrapar

 নৰেন শৰ্মা,বাহাৰঘাট :

ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁও নিবাসী  ধৰ্মকান্ত তালুকদাৰৰ ( ৭৬) বুধবাৰে  নিশা ১-২০ বজাত নিজ বাসভৱনত আকস্মিক ভাৱে  মৃত্যু হোৱাত সমগ্ৰ ঘগ্ৰাপাৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷ সৰুৰে পৰা নাগাৰা নামৰ পাঠক হিচাপে বিভিন্ন স্থানত নাম পৰিবেশন কৰি ৰাইজৰ মাজত এগৰাকী জনপ্ৰিয় পাঠক হিচাপে ৰাইজৰ সমাদৰ লাভ কৰা ধৰ্ম কান্ত তালুকদাৰে ১৯৯৮ চনৰ পৰা ঘগ্ৰাপাৰ চকত স্থায়ীভাৱে ব্যৱসায় কৰিবলৈ লয়। বিগত জুন মাহৰ পৰা শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ আছিল তালুকদাৰ৷ যোৱা  নিশা হঠাৎ অসুস্থ হৈ আকস্মিক ভাৱে শেষ নিশ্বাস ত্যাগ কৰে ৷  তেখেতৰ মৃত্যুত ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱ, সমন্বয় মঞ্চ, দক্ষিণ ঘগ্ৰাপাৰ বজাৰ উন্নয়ন সমিতি,বাঘমাৰা গাঁও সমিতি,কংগ্ৰেছৰ, বিজেপি,অগপ,চি পি আই (এম), আদিকে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। ইপিনে দক্ষিণ ঘগ্ৰাপাৰ বজাৰ উন্নয়ন সমিতিয়ে  তালুকদাৰ মৃত্যুত কাইলৈ ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ঘোষনা কৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ "অসমীয়া খৱৰ" কাকতৰ ঘগ্ৰাপাৰৰ সাংবাদিক তথা একমাত্ৰ পুত্ৰ জগত তালুকদাৰ, পত্নী, বোৱাৰী,নাতি- নাতিনীসহ পৰিয়াল পৰিজনৰ লগতে অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ৷

Your Comments