বাৰাংহাটীত দুদিনীয়া কাৰ্য্যসূচীৰে ১৩৫সংখ্যক বাৰ্ষিক শ্ৰীশ্ৰী কালীপূজাৰ আয়োজন

shyama puja

নৰেন শৰ্মা,বাহাৰঘাট :

কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী কালীমন্দিৰ প্ৰাংগনত অহা ২৭ আৰু ২৮ অক্টোবৰত দুদিনীয়াকৈ ১৩৫ সংখ্যক বাৰ্ষিক শ্ৰীশ্ৰী কালীপূজাৰ আয়োজন কৰা হৈছে৷তদুপলক্ষে ২৭ অক্টোবৰৰ পুৱা পূজা পৰিচালনা সমিতিৰ সভাপতিয়ে ধৰ্মীয় পতাকা উত্তোলন কৰাৰ পিচতে ক্ৰমে স্মৃতি তৰ্পণ,বৃক্ষৰোপন ,আই সকলৰ নাম,দুপৰীয়া দিপান্বিতা উৎসৱৰ কলগছ ৰোপন,সন্ধিয়া প্ৰতিমা আনয়নৰ বাবে শোভাযাত্ৰাৰ অন্তত পূজা মণ্ডপৰ দ্বাৰ উন্মোচন কৰিব এমট্ৰনৰ উপ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই,প্ৰতিমা স্থাপন ও পূজাৰম্ভ,দিপান্বিতা উৎসৱ উদযাপন,কেইজনমান বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বালনৰ পিচতে টোপধ্বনি উদ্বোধন কৰিব অসম পৰ্য্যটন নিগমৰ উপাধক্ষ্য নৱদ্বীপ কলিতাই,নাগাৰা নাম উদ্বোধন কৰিব আছুৰ সহকাৰী সম্পাদক প্ৰকাশ দাসে,নিশা বলি উচৰ্গা,সমূহীয়া শান্তি নিৰ্মালি প্ৰদান আৰু প্ৰষাদ ও ভোগগ্ৰহন৷১৮ অক্টোবৰৰ দুপৰীয়া সমূহীয়া প্ৰীতি ভোজন,আবেলি প্ৰতিমা বিষৰ্জন আৰু নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ভাজপাৰ অসম প্ৰদেশ সমিতিৰ মিডিয়া চেলৰ সহঃআহ্বায়ক নিবাৰণ লহকৰে৷সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পী হিচাবে অংশগ্ৰহণ কৰিব অখিল ভৈৰৱ আৰু মিছ তুলিকাই৷ইতিমধ্যে বিজয় কলিতাক সভাপতি,প্ৰানেশ্বৰ কলিতাক কাৰ্য্যকৰী সভাপতি,ৰুবুল কলিতা(কৰুণা)ক মুখ্য সম্পাদক,মানস ডেকাক সাধৰণ সম্পাদক,নিতুমণি কলিতা আৰু কংকন কলিতাক সহঃসাধাৰণ সম্পাদক হিচাবে লৈ এখন শক্তিশালী পৰিচালনা সমিতি গঠন কৰিছে৷

Your Comments