শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ প্ৰতিবেদন :
ৰাজ্যৰ সফল মন্ত্ৰী বুলি সততে চৰ্চিত হৈ অহা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজ সমষ্টিতে স্বাস্থ্য খণ্ডৰ দুখ লগা অৱস্থাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে স্বাস্থ্যমন্ত্ৰী গৰাকীৰ নিজ সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী অঞ্চলত নিৰ্মাণ হৈছিল এখন আদৰ্শ চিকিৎসালয় । নিৰ্মাণ সম্পূৰ্ণ হৈছিল প্ৰায় চাৰি বছৰ পূৰ্বে। নিৰ্মাণসম্পূৰ্ণ হোৱাৰ পিছতো কিন্তু আজিলৈ ৰাইজৰ বাবে মুকলি কৰি দিবলৈ সক্ষম নহ'ল আদৰ্শ চিকিৎসালয়খন । হাজো, শুৱালকুছি, দামপুৰ, পছৰীয়া, দদৰা,আজ্ঞাঠুৰীকে ধৰি বৃহত্তৰ অঞ্চলৰ চিকিৎসা সেৱাৰ অভাৱ পূৰণ কৰিব পৰাকৈ নিৰ্মাণ হোৱা শিঙিমাৰী আদৰ্শ চিকিৎসালয়খনৰ পৰা উক্ত অঞ্চলৰ ৰাইজে সু - চিকিৎসাৰ আশা কৰিছিল ।
চিকিৎসালয়খনৰ নিৰ্মাণৰ জৰিয়তে অঞ্চলটোৰ ৰাইজৰ আশা পূৰণ হোৱাৰ পথত অগ্ৰসৰ হৈছিল যদিও এতিয়া সেই আশা যেন সুদূৰপৰাহত। চিকিৎসালয়খন স্থাপন হোৱা স্থানত প্ৰথমে প্ৰয়াত ভূগু কুমাৰ ফুকন বিধায়ক হৈ থকা অৱস্থাতে এটা উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰিছিল তাৰ পিচত হিমন্ত বিশ্ব শৰ্মাই বিধায়ক হৈ প্ৰয়াত ভূগু ফুকনৰ নামৰে নামকৰণ কৰি ভূগু কুমাৰ ফুকন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উক্ত উপ স্বাস্থ্য কেন্দ্ৰক ৰূপান্তৰিত কৰিছিল। ২০০৮ চনত পুনৰ বিধায়ক তথা মন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যকেন্দ্ৰটো ১০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নতিকৰণ কৰে। পিছলৈ একে চৌহদতে কংগ্ৰছ চৰকাৰৰ মন্ত্ৰী হৈ থকা অৱস্থাত মন্ত্ৰী শৰ্মাই উক্ত চিকিৎসালয় খন ৫০ খন বিচনা যুক্ত শিঙিমাৰী আদৰ্শ চৰকাৰী হস্পিতাললৈ উন্নীতকৰণ কৰি অঞ্চলবাসীৰ এটি দীৰ্ঘদিনীয়া সমস্যা পূৰণ কৰাৰ পিনে অগ্ৰসৰ হয়।
শিঙিমাৰী আদৰ্শ হস্পিতালখনৰ বিগত কংগ্ৰেছ চৰকাৰৰ দিনতেই নিৰ্মাণ প্ৰায় সম্পূৰ্ন হয় যদিও আজিলৈকে কি কাৰণত হস্পিতালখন উদ্ধোধন কৰিব পৰা নাই সেয়া এক ডাঙৰ ৰহস্য হৈ পৰিছে। কি অজ্ঞাত কাৰণত স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বিধায়ক হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে কেন্দ্ৰটো ৰাইজৰ বাবে মুকলি কৰি দিয়া নাই সেয়া এতিয়া ৰাইজৰ বাবে এক নুবুজা সাঁথৰ হৈ পৰিছে।উক্ত চিকিৎসালয়খন উদ্ধোধন কৰাৰ বাবে তাৰিখৰ পিচত তাৰিখ নিৰ্ধাৰণ কৰি থকা হৈছে যদিও বৰ্তমানলৈ উদ্ধোধন কৰিব নোৱাৰত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় অঞ্চলবাসী ৰাইজ তথা ২ নং পূূৱ বংশৰ আঞ্চলিক ছাত্ৰ সন্থা ।
ৰাজ্যৰ চৌদিশে স্বাস্থ্য বিভাগৰ জয় ধোল বজাই ঘূৰি ফুৰা মন্ত্ৰীজনৰ নিজৰ সমষ্টিটোৰ এখন গুৰুত্বপূৰ্ণ চিকিৎসালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ চাৰিবছৰ পিচতো চিকিৎসালয়খনক উদ্ধোধন কৰিবলৈ সক্ষম নোহোৱা কথাটোক সফল মন্ত্ৰীজনৰ একপ্ৰকাৰ বিফলতা বুলিয়েই ৰাইজে এতিয়া ভাবিবলৈ লৈছে।
- Log in to post comments
- 45 views