ভাৰতৰ বজাৰত উপলব্ধ হ’ল দেশৰ দ্ৰুততম ইলেকট্ৰিক প্ৰদূষণমুক্ত মটৰচাইকেল

Motorcycle

কবিৰা মবিলিটীয়ে ভাৰতৰ বজাৰত মুকলি কৰিলে দুখন হাইস্পিড ইলেকট্রিক মটৰচাইকেল ৷ দুইখন মটৰ চাইকেলেই চলিব বেটেৰীত ৷ এই প্ৰদূষণমুক্ত ইঞ্জিন থকা মটৰচাইকেল দুখন হ’ল ক্ৰমে KM3000 আৰু KM4000 ।

KM4000 ভাৰতৰ দ্ৰুততম ইলেকট্রিক মটৰচাইকেল বুলি দাবী কৰিছে সংস্থাটোৱে। এই মটৰচাইকেলখনৰ দাম ১,৩৬,৭৭০ টকা। এইখন মটৰচাইকেলত 4.4kWh বেটেৰী থাকিব। ইকে’নমি মে’ডত এইখন মটৰচাইকেল ১৫০ কি.মি. আৰু স্প’র্টছ ম’ডত ৯০ কি.মি. চলিব । এইখনৰ গতি ঘণ্টাত ১২০ কি.মি.। কোৱা হৈছে, বৰ্তমানলৈকে ভাৰতত মুকলি হোৱা ইলেকট্রিক মটৰচাইকেলসমূহৰ ভিতৰত এইখনেই দ্ৰুততম ৷

Motorcycle

আনহাতে, KM3000খনৰ দাম ১,২৬,৭৭০ টকা। এই মডেলটোত 4kWhৰ বেটেৰী সংলগ্ন কৰা হৈছে। এইখন মটৰচাইকেল ইকে’নমি ম’ডত ১২০ কি.মি. আৰু স্প’র্টছ ম’ডত ৯০ কি.মি. দূৰত্ব পাৰ কৰিব পাৰিব।

দুইটা মডেলতেই ব্যৱহৃত বেটেৰী প্রায় তিনি ঘণ্টাত ৮০ শতাংশ চার্জ হ’ব। বুষ্ট চার্জত লাগিব ৫০ মিনিট আৰু ইক’ চার্জ ম’ডত চাৰে ছয় ঘণ্টা সময় লাগিব।

Your Comments