বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁও জিলাৰ অন্তৰ্গত চাপৰাকাটাত অবৈধ তেলৰ বেহা চলি থকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বুুুধবাৰে হঠাতে গুৱাহাটীৰ পৰা অহা চিআইডিৰ দলে অভিযান চলাই টেংকাৰসহ বৃহৎ পৰিমাণৰ পেট্ৰ'ল , এটিএফ , চলভেন্ট,কেৰাচিন,বিভিন্ন সামগ্ৰী জব্দ কৰাৰ লগতে মুঠ আঠজন লোকক সোধপোচৰ বাবে আটক কৰে ৷ চাপৰাকাটাৰ এটা তেল ডিপোৰ পিছফালে অবৈধভাৱে গঢ়ি তোলা এটা ঘাটিত চিআইডিৰ দলটোৱে এই অভিযান চলাই সফলতা লাভ কৰে ৷ জানিব পৰা মতে,চাপৰাকাটাৰ এই অবৈধ তেলৰ ব্যৱসায়ৰ ঘাটিটোত বিভিন্ন ঠাইলৈ টেংকাৰযোগে কঢ়িওৱা হাজাৰ-হাজাৰ লিটাৰ পেট্ৰ'ল ,এ টি এফ উলিয়াই তাৰ ঠাইত কেৰাচিন আৰু চলভেন্ট মিহলাই আহিছিল ৷ এই বিষয়ে চি আই ডিয়ে লাভ কৰা তথ্যৰ ভিত্তিত বুধবাৰে পুৱা ১১ মান বজাত হঠাতে অভিযান চলায় ৷ চিআইডিৰ দলে আনকি এই অভিযানৰ বিষয়ে স্থানীয় আৰক্ষীকো আগতীয়াকৈ অৱগত কৰা নাছিল বুলি জানিব পৰা গৈছে ৷
অসম আৰক্ষীৰ চিআইডি শাখাৰ উপ আৰক্ষী অধীক্ষক দেৱ দত্তৰ নেতৃত্বত গুৱাহাটীৰ পৰা অহা ১৫ জনীয়া দলে এই অভিযান চলায় ৷ ইফালে,অভিযান সন্দৰ্ভত চি আই ডিৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে-'বঙাইগাঁও শোধনাগাৰৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ টেংকাৰ যোগে সৰবৰাহ কৰা পেট্ৰ'ল,ডিজেল , এ টি এফ কঢ়িওৱা টেংকাৰ এই অবৈধ ঘাটিত সোমোৱায় আৰু ইয়াতে টেংকাৰসমূহৰ পৰা বৃহৎ পৰিমাণৰ পেট্ৰ'ল,ডিজেল , এ টি এফ উলিয়াই পৰিমাণ মিলাবলৈ পেট্ৰ'লৰ সৈতে কেৰাচিন , এ টি এফৰ সৈতে চলভেন্ট মিহলাই ভেজালকৰণ কৰি গন্তব্য স্থানলৈ যোগান ধৰি অহা হৈছিল ৷ এই অবৈধ ব্যৱসায়ৰ বিষয়ে আমি গোপন খবৰ লাভ কৰিছিলো আৰু বুুধবাৰে অভিযান চলাও ৷ এই অভিযানৰ সময়ত আমি এন এল ০১ কিউ ৪৪৭০ নম্বৰৰ ২৯ হেজাৰ লিটাৰ এ টি এফসহ ( বিমানত ব্যৱহৃত ইন্ধন) এখন টেংকাৰ আৰু ১২ হাজাৰ লিটাৰ পেট্ৰ'লসহ এ এছ ০১ ডি ডি- ১৯২২ নম্বৰৰ আন এখন টেংকাৰ জব্দ কৰো ৷ জব্দ কৰা টেংকাৰ দুখনে বঙাইগাঁও শোধনাগাৰৰ পৰা কঢ়িওৱা এ টি এফখিনি তেজপুৰস্থিত এয়াৰ ফ'ৰ্চত যোগান ধৰাৰ কথা আছিল আৰু পেট্ৰ'লখিনি পাঠশালালৈ নিবলগীয়া আছিল ৷ কিন্তু গন্তব্য স্থানলৈ নিয়াৰ পূৰ্বে এই টেংকাৰ দুখন এই ঘাটিত সুমুৱাই টেংকাৰৰ পৰা এ টি এফ আৰু পেট্ৰ'ল উলিয়াই আছিল ৷ সেই সময়তে অভিযান চলোৱাত সকলো ওলাই পৰে।' অভিযানকাৰী দলে অবৈধ তেলৰ ব্যৱসায় চলাই অহা ঘাটিটোৰ দুজন গৰাকী তথা ১ নং নাচনগুৰিৰ মোজ্জামিল হক আৰু জয়নালৰ লগতে টেংকাৰ দুখনৰ দুই চালক ইউনিচ আলী আৰু চফীৰ আলী , দুখন মেজিকৰ দুই চালক আৰু দুজন কৰ্মচাৰীসহ আঠজনক আটক কৰে ৷ অভিযানকাৰী দলটোৱে লগতে জানিবলৈ দিয়া মতে ঘাটিটোত মজুত কৰি ৰখা আন প্ৰায় পাঁচ হাজাৰ লিটাৰ চলভেন্ট , তিনি হাজাৰ লিটাৰ কেৰচিন আৰু প্ৰায় আঢ়ৈ হাজাৰ লিটাৰ পেট্ৰ'লো জব্দ কৰে ৷ সেইদৰে,ঘাটিটোত থকা এ এছ ১৪ চি-০৫৯০, এ এছ ২৬ চি - ২৩০৭ নম্বৰৰ লগতে আন দুখন টেংকাৰসহ চাৰিখন টেংকাৰ ,দুখন সামগ্ৰী কঢ়িওৱা লঘু বাহন ,তেল মজুত ৰখা ড্ৰাম,তেল উলিওৱা কাৰ্যত ব্যৱহাৰ কৰা পাম্প, পাইপ আদি সামগ্ৰীও জব্দ কৰে ৷ অভিযানকাৰী দলটোৱে আটকাধীন আটাইকেইজনে সোধপোচৰ বাবে আটক কৰি গুৱাহাটীলৈ লৈ যায় ৷ সেইদৰে তেলসহ জব্দ কৰা টেংকাৰ দুখনো লৈ যোৱাৰ বিপৰীতে বাকী জব্দকৃত টেংকাৰ,তেল আৰু অন্যান্য সামগ্ৰীসমূহ স্থানীয় আৰক্ষীক চমজাই দি যায় বুলি অভিযানকাৰী দলটোৰ উপ-আৰক্ষী অধীক্ষক এগৰাকীয়ে জানিবলৈ দিয়ে ৷ চি আই ডি বিষয়াগৰাকীয়ে লগতে আটকাধীন আটাইকেইজনকে সোধপোচৰ বাবে গুৱাহাটীলৈ নিয়া বুলিও জানিবলৈ দিয়ে ৷
- Log in to post comments
- 13 views