ডিব্ৰুগড় আৰক্ষীৰ দুই গভাইত চোৰক আটক

ডিব্ৰুগড়ত১দুই১গভাইত১চোৰক১আটক

ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই আজি দুই গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় । ডিব্ৰুগড় চহৰৰ মাৰোৱাৰীপট্টিস্থিত এখন মোবাইল প্ৰতিষ্ঠানৰ পৰা যোৱা ২৬ জুলাইৰ নিশা হিন্দী চিনেমাৰ কায়দাৰে দোকানৰ চাটাৰ ভাঙি ৫ লাখ টকা মূল্যৰ মোবাইল ফোন চুৰি কৰিছিল ।

এই ঘটনাৰ পম খেদি ডিব্ৰুগড় আৰক্ষীয়ে গুৱাহাটীৰ সৰুমটৰীয়াৰ পৰা প্ৰায়  ১ লাখ টকা মূল্যৰ ৬টা স্মাৰ্টফোনৰ সৈতে চাহিদুৰ জামান (২৪) আৰু ৰাহুল আলী (২৪) নামৰ চোৰ দুটাক আটক কৰে ৷

চোৰ দুটাৰ পৰা এ এছ-০১ এইচ চি-৩০৯০ নম্বৰৰ মুহিবুৰ ৰহমান নামৰ লোকজনৰ নামত পঞ্জীয়নভুক্ত এখন অল্ট'ও জব্দ কৰে ৷ এই দুই চোৰৰ ফেচবুক একাউণ্টত স্মাৰ্ট লুকৰ ভালেমান ফটো আপলোড কৰিছে ।

আৰক্ষীয়ে ইয়াৰ লগত জড়িত এটা গেং তথা স্মাৰ্ট চোৰৰ সন্ধানত নামি পৰিছে । 
 

Your Comments