শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
আজি দীৰ্ঘদিন ধৰি কদৰ্য ৰূপ ধাৰণ কৰিছে বৰাকৰ হাইলাকান্দিৰ কেইবাটাও গড়কাপ্তানী পথে। বাধ্য হৈ আজি ৰাজপথত ধান ৰুই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম ছাত্ৰ সন্থা(আছু)ৰ হাইলাকান্দিৰ বাহাদুৰপুৰ আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকলে।
উল্লেখ্য, বহুদিনৰ পৰা চলাচলৰ অনুপযোগী হৈ পৰা গড়কাপ্তানী পথছোৱাকলৈ ৰাইজৰ দুৰ্ভোগৰ অন্ত নাই বুলি অভিযোগ আছুৰ।
জিলা প্ৰশাসন,গড়কাপ্তানী বিভাগৰ হেমহিৰ বাবেই সাধাৰণ ৰাইজ চৰম সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈছে বুলিও সংগঠনটোৱে অভিযোগ কৰে।আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰ্জি উঠে আছুৰ কৰ্মকৰ্তা সকল।মুখ্যমন্ত্ৰী হায় হায়, ৰাজ্য চৰকাৰ মুর্দাবাদ, ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে সংগঠনটোৱে।
আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে আছুৰ হাইলাকান্দি জিলা সমিতিৰ সাংগঠনিক সম্পাদক চাদ্দাম হোছেইন লস্কৰকে ধৰি বহুকেইজন কৰ্মকৰ্তাই ।
- Log in to post comments
- 21 views