ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ajycp

বিশ্বনাথ চাৰিআলি

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষাৰ কাৰণে অসমক বহিঃৰাষ্ট্ৰ আৰু বহিঃৰাজ্যৰ পৰা হোৱা অবাধ প্ৰব্ৰজন বন্ধ কৰিবৰ বাবে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ।

ajycp

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমৰ সকলো জিলা সমিতিৰ লগতে বিশ্বনাথ জিলা সমিতিয়েও বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত পুৱা ১০ বজাৰ পৰা বিয়লি ১ বজালৈ এক তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মণ্টু বৰুৱা আৰু বিশ্বনাথ জিলা সমিতিৰ সকলো বিষয়ববীয়াৰ লগতে বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰায় শতাধিক সদস্যই অংশগ্ৰহণ কৰে ।

ইয়াৰ উপৰি আছু, আগছু, টাইপা, কৃষক মুক্তি সংগ্ৰাম সমিতি, দুৰ্নীতিবিৰোধী যুৱ মঞ্চৰ বিশ্বনাথৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷

আজি উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীস্থলীৰ পৰাই বিশ্বনাথৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয় ।

কলিয়াবৰ 

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আজি পুৱা ১১ বজাৰ পৰা ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৰ্ৱতনৰ দাবীত তিনি ঘণ্টীয়া অৱস্থান ৰ্ধমঘট পালন কৰে ।

কলিয়াবৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ লস্কৰ, সাধাৰণ সম্পাদক দিপুমণি বৰা উপস্থিত থকা কাৰ্যসূচীত স্বাধীনোত্তৰ কালৰে পৰা অসমলৈ বহি:ৰাষ্ট্ৰ আৰু বহি:ৰাজ্যৰ পৰা হোৱা অবাধ প্ৰব্ৰজনে অসমীয়া জাতিৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে ।

ajycp

এনে পৰিপ্ৰেক্ষিতত অসমৰ বাবে আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰৰ্ৱতনৰ অতিকৈ প্ৰয়োজন বুলি সভাপতি প্ৰদীপ লস্কৰে মন্তব্য কৰে । শতাধিক সদস্য উপস্থিত থকা কাৰ্যসূচীত অসম গ্ৰামীণ শ্ৰমিক পৰিষদৰ কলিয়াবৰ জিলাৰ সভাপতি দিতুমণি গগৈৰ লগতে সংগঠনটোৰ সদস্য উপস্থিত থাকে ।

কাৰ্যসূচীৰ অন্তত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ।
 

Your Comments