সোণাৰিৰ পৰা ঘন বৰা:
চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্ত্তী কানুবাৰীত নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।দুৰ্বৃত্তই জ্বলাই দিলে বিজেপি কৰ্মীৰ বাসগৃহ ৷যোৱা নিশা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি জ্বলাই দিলে বিজেপি কৰ্মী বিহুমণি মুড়াৰ বাসগৃহটো।লগতে,দুৰ্বৃত্তই মুড়াৰ বাসগৃহৰ সন্মুখত থকা দোকানৰ সা-সামগ্ৰী লুটপাত কৰি নিয়ে ৷
উল্লেখ্য যে ১০৬ নং সোণাৰি বিধানসভা সমষ্টিত উপনিৰ্বাচনৰ পিছতে কানুবাৰী বালিজান গ্ৰান্টত উক্ত ঘটনাটো সংঘটিত হয় ৷
- Log in to post comments
- 11 views