নগাঁৱত দুই শ্ৰমিকৰ সলিল সমাধি

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত হাতীপাৰাত দুজন যুৱকৰ সলিল সমাধি ঘটে ৷ যুৱক দুজন হৈছে জিতেন নাহাক (২০) আৰু আনাৰুল ইছলাম (১৮) ৷

প্ৰাপ্ত বাতৰিমতে, স্থানীয় এ কে ইটাভাতাত শ্ৰমিক হিচাপে নিয়োজিত জিতেন নাহাক নামৰ যুৱকজনে দেওবাৰে পুৱা ৯ বজাত হাতীপাৰাৰ মাজেৰে বৈ যোৱা সোপাইজান নদীত গা ধুবলৈ বুলি পানীত নামে ৷

কিন্তু সাঁতুৰিব নজনা জিতেন ক্ষন্তেক পাছতে দ পানীত বুৰ যায় ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় আনাৰুল ইছলাম নামৰ যুৱকজনে পানীত নামি জিতেন নাহাকক উদ্ধাৰৰ চেষ্টা চলায় যদিও তেৱোঁ পানীত ডুব যায় ৷

ইপিনে শ্ৰমিক দুজন বহু দেৰিলৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে সন্দেহবশতঃ ইটাভাতাত কাম কৰা শ্ৰমিকৰ সহযোগত উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে ৷

পাছত বিয়লি দুয়োৰে মৃতদেহ উদ্ধাৰ হয় ৷ উল্লেখ্য যে মৃত জিতেন নাহাক বিশ্বনাথ চাৰিআলিৰ লাহৰীজান বাগিচাৰ তিনি নম্বৰ লাইনৰ বাসিন্দা আৰু আনাৰুল ইছলাম হাতীপাৰাৰে খাইৰুল ইছলামৰ পুত্ৰ ৷
 

Your Comments