বঙাইগাঁৱত পথ দুৰ্ঘটনা হ্ৰাস কৰা সন্দৰ্ভত সভা

bgn

বঙাইগাঁওঃ 

বঙাইগাঁও জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত উপায়ুক্ত আদিল খানৰ সভাপতিত্বত এখন পথ সুৰক্ষা সভা অনুষ্ঠিত হয় । সভাত জিলাখনত দুৰ্ঘটনা হ্ৰাস কৰাৰ লক্ষ্যৰে জিলা পৰিবহণ বিষয়া দীপজ্যোতি নেওগে বিভিন্ন দিশত ল'বপৰা ব্যৱস্থাপনা সম্পৰ্কত মতামত দাঙি ধৰে আৰু সেইবোৰ আলোচনা  কৰা হয় । যিবিলাক ঠাইত সঘনাই দুৰ্ঘটনা সংঘটিত হয় সেইবিলাক ঠাই আৰু দুৰ্ঘটনা সংঘটিত হ'ব পৰা ঠাইসমূহ ব্লেকস্পট (Blackspot) হিচাপে চিহ্নিত কৰি সেইবোৰ ঠাইৰ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্রত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক পথ বিভাগৰ অভিযন্তা সকলক প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত আদিল খানে নিৰ্দেশ দিয়ে । দুৰ্ঘটনাৰ ক্ষেত্রত মদ্যপান কৰি , ভ্ৰাম্যভাষ সেৱাত কথা পাতি পাতি গাড়ী চলালে আৰু দুচকীয়া বাহন  হেলমে'টবিহীন ভাবে চলালে হোৱা দুৰ্ঘটনা ৰোধ কৰাত আৰক্ষী বাহিনীৰো গধুৰ দায়িত্ব আছে বুলিও উপায়ুক্ত গৰাকীয়ে মত পোষণ কৰে । উপায়ুক্ত আদিল খানে পথ সুৰক্ষাৰ ক্ষেত্রত ঠাইয়ে ঠাইয়ে সজাগতা সভা অনুষ্ঠিত কৰিবলৈও জিলা পৰিবহণ বিভাগক পৰামৰ্শ দিয়ে আৰু প্ৰতিটো পথত থকা গাড়ীৰ গতিবেগ ৰোধক চিহ্ন সমূহ তথা স্পিডব্ৰেকাৰ (Speed breacker) সমূহত কোনো উজ্বল ৰঙেৰে চিহ্নিত কৰাৰ বাবে পৰামৰ্শ দিয়ে যাতে দূৰৰ পৰা গাড়ী চালকে গতিৰোধক চিহ্ন দেখা পাই গাড়ীৰ গতিবেগ কমাব পাৰে ৷

সভাত জিলা পৰিবহণ বিষয়া গৰাকীয়ে বঙাইগাঁও চহৰত যিহেতু অ'টো, টেম্প'ৰ  সংখ্যা বেছি উক্ত বাহনসমূহক কোন কোন পথত চলাচল কৰাৰ বাবে অনুজ্ঞা পত্র প্ৰদান কৰা হৈছে তাক চিনাক্ত কৰি অবস্থানসূচক চিহ্ন দিয়াৰ এটা প্ৰস্তাৱ সভাৰ সভাপতিৰ ওচৰত আগবঢ়ায় । যাতে চিহ্নিত ৰঙৰ অটো, টেম্পু দেখা পোৱা মাত্রকে চলাচল কৰিব পৰা পথটোৰ অৱস্থান জানিব পৰা যায় । এই প্ৰস্তাৱত উপায়ুক্ত গৰাকীয়ে সন্তুষ্ট হৈ জিলা পৰিবহণ বিষয়াক সোনকালে কাৰ্য্যব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । এই সভাত বঙাইগাঁও আইনী সেৱাৰ কৰ্মৰত অধিবক্তা হৰেশ্বৰ দাসে সাম্ভাব্য দুৰ্ঘটনা সংঘটিত হ'ব পৰা কেইটামান স্থান অৱগত কৰে আৰু সেইবোৰৰ তৎকালীন ব্যৱস্থা ল'বলৈয়ো অনুৰোধ  জনায় ।

তেওঁ আৰু কয় যে বঙাইগাঁও চহৰ অটো, টেম্প'ৰ দপদপনী দেখি সদ্যহতে অনুজ্ঞাপত্র প্ৰদান বন্ধ কৰিবলৈও অনুৰোধ জনায় আৰু ই-ৰিক্সা সমূহ যাতে মূল পথত চলাচল কৰিব নোৱাৰে তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈও অনুৰোধ  জনায় । সভাত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল, অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা , উপ আৰক্ষী অধীক্ষক মৈত্রেয়ী ডেকা আৰু অন্যান্য বিভাগৰ বিষয়া  সকল উপস্থিত  থাকে ।

Your Comments