মৰিগাঁৱৰ পৰা জিতু মনি নাথৰ প্রতিবেদন :
মৰিগাঁও জিলাৰ কাৰিকৰী অৰ্হতা সম্পন্ন নিৱনুৱা যুৱক যুৱতীলৈ আশাৰ বতৰা কঢ়িয়াই আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও নগৰৰ কলা বিথিকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখনি ক্ষুদ্ৰ নিয়োগ মেলা।মৰিগাঁও জিলা প্ৰশাসনৰ তত্ত্বাৱধানত যোৰহাট মডেল কেৰিয়াৰ চেন্টাৰ,মৰিগাঁও আই টি আই আৰু মৰিগাঁও জিলা নিয়োগ বিনিময় কেন্দ্রৰ সহযোগত অনুষ্ঠিত নিয়োগ মেলাত দেশৰ চুজুকি মটৰছ গুজৰাট,আই টি চি গুৱাহাটী আৰু জয়পুৰৰ কাৰদেখো প্ৰতিষ্ঠানত ১৫ জন নিৱনুৱা যুৱক যুৱতীয়ে আজি নিযুক্তি লাভ কৰে। ইয়াৰে চুজুকি মটৰছ প্ৰতিষ্ঠানত ৫ জন আৰু আই টি চি প্ৰতিষ্ঠানত ১০ জন নিৱনুৱা যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰে। তদুপৰি জয়পুৰৰ কাৰদেখো প্ৰতিষ্ঠানৰ বাবে টেলিফ'নিক সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। আজি এই নিয়োগ মেলা খনি উদ্বোধন কৰি দিয়া ভাষণত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয় -আমি দক্ষ হলেহে অসমখনক বিশ্ব মানচিত্ৰলৈ লৈ যোৱাটো সহজ হ'ব। দেশৰ নিৱনুৱা যুৱক যুৱতী সকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ সমান্তৰালকৈ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াইয়ো যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।
যাৰবাবে মুখ্যমন্ত্ৰীয়ে ২০১৮ চনৰ অক্টোবৰত দক্ষতা বিকাশ নামেৰে এটা বিভাগ স্থাপন কৰি দক্ষতা বিকাশৰ বাবে চৰকাৰে আত্মনিয়োগ কৰি আছে। এই ক্ষেত্ৰত আমাৰ প্ৰতিখন জিলাই ইয়াক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে আজি অনুষ্ঠিত ক্ষুদ্ৰ নিয়োগ মেলাৰ উপৰিও অহা বছৰৰ জানুৱাৰীত বৃহৎ পৰিসৰ নিয়োগ মেলা অনুষ্ঠিত কৰাৰ ক্ষেত্রত উৰ্ধতন কৰ্তৃপক্ষৰ লগত আলোচনা হোৱা বুলি উল্লেখ কৰে। জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ এই ঘোষণাই জিলাখনৰ নিবনুৱা যুৱক যুৱতী সকলক উল্লাসিত কৰি তোলা পৰিলক্ষিত হয়। উল্লেখ্য যে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোত মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া,জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল গগৈ,মৰিগাওঁ জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা,প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,সাহিত্যিক মিলেশ্বৰ পাতৰ,সমাজ সেৱক ধৰণীধৰ বৰদলৈ,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথ,মৰিগাঁও আই টি আইৰ অধ্যক্ষ কৃষ্ণ বনিয়া,অতিৰিক্ত আয়ুক্ত দেৱাহুতি ডেকাকে প্ৰমুখ্যে কৰি নিযুক্তি প্ৰদান কৰা প্ৰতিষ্ঠান কেইটাৰ শীৰ্ষ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। তাৎপৰ্যপূৰ্ণ বিষয় এইয়ে যে জিলাখনত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত আজি এই নিয়োগ মেলাত শিৱসাগৰ,মৰাণ,যোৰহাট,মাজুলী,নগাঁও,মৰিগাঁও আদি অঞ্চলৰ শতাধিক আই টি আই উত্তীৰ্ণ নিৱনুৱা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 27 views