গোলাঘাট :
পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ উদ্যোগত যোৱা ২০ অক্টোবৰত গোলাঘাটৰ যোগীবাৰী বিলৰ নৈসৰ্গিক পৰিৱেশত "শাৰদী ৰাণী তোমাৰ হেনো নাম" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।শাখাৰ উপ-সভাপতি পাৰিজাত বৰুৱা, পত্ৰিকা সম্পাদক নীলিমা বৰা,কবি সন্মিলন উপ-সমিতিৰ আহ্বায়ক কুমকুম চাংমাইৰ ব্যৱস্থাপনাত,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক , সাংবাদিক দিগন্ত কুমাৰ ভূঞা আৰু শাখাৰ বিষয়বীয়া চন্দন কৰ্মকাৰৰ পৰিকল্পনা,তত্বাৱধানত অনুষ্ঠিত হোৱা ব্যতিক্ৰমী অনুষ্ঠান নৃত্য,গীত,কবিতা,গল্প পাঠ,অসমীয়া আখৰ জোটনি প্ৰতিযোগিতা, পৰিৱেশ সম্পৰ্কীয় আলোচনা, অন্তৰংগ আলাপ আদি কাৰ্যসূচীৰে মুখৰিত হৈ পৰে ।পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ আহ্বায়ক স্বাগতা বৰাৰ নেতৃত্বত 'চিৰ চেনেহী গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পাচত কণমানি শিল্পী অভিলাষা দত্ত, জীতেন কাকতি স্বাগতা বৰা, পল্লৱীকা বৰুৱা স্যামন্ত বৰফুকন আদিয়ে গীত পৰিৱেশন, জিলা সাহিত্য সভাৰ সম্পাদক দিলীপ কুমাৰ শৰ্মা, শাখা সাহিত্য সভাৰ সভাপতি পুতুল গগৈ, বিশিষ্ট কবি,সাংস্কৃতিক কৰ্মী জীনা বৰুৱা, পাৰিজাত বৰুৱা,সাংবাদিক কৌস্তভমনি হাজৰিকা, জুৰি সন্দিকৈ,হেমা চৌধুৰী গগৈ,নীলিমা বৰা,কুমকুম চাংমাই,ৰিজু শইকীয়া বৰদলৈ,ভোগেশ্বৰী চাংমাই,পল্লৱীকা বৰুৱা,অভিলাষ তামূলী,মণিকা চেত্ৰী,আকাশ নীল শইকীয়া, এপ'লিনা বৰা,নয়নমনি গায়ন বৰা,ঊষা ৰাণী দেৱী,মঞ্জুমণি শইকীয়া, বিদ্বান বৰদলৈ,বিজুমণি শইকীয়া,
আদিয়ে কবিতা পাঠ, কিৰণময়ী বৰগোঁহায়ে গল্প পাঠ,অসমীয়া শব্দ জোটনি প্ৰতিযোগিতাকে ধৰি বিষয় বস্তু সামৰি অনুষ্ঠিত হোৱা মনোজ্ঞ আলোচনাই পৰিৱেশ জীপাল কৰি তোলে।
"পৰিৱেশ,পশু-পখী সংৰক্ষণৰ দিশত সামাজিক দায়বদ্ধতা আৰু নাগৰিকৰ কৰ্তব্য শীৰ্ষক এখনি মনোজ্ঞ আলোচনা চক্ৰও অনুষ্ঠিত হয় । দিনজোৰা বিস্তৃত কাৰ্যসূচীত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা,জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা, ৰোহিত গগৈ, কৌস্তভমনি হাজৰিকা, গীৰিণ বৰা, শান্তনু দত্ত , শ্ৰমিক নেতা,প্ৰবীন সাংবাদিক আৰ.জি.কৰ্মকাৰ, গনেশ শইকীয়া, সমাজকৰ্মী মৃদুল কুমাৰ দত্ত,বিশিষ্ট অভিনেতা,সাংস্কৃতিক কৰ্মী প্ৰাঞ্জু প্ৰিঞ্চ, কবি প্ৰিঞ্চিপ্ৰিয়া ফুকন আদিয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে,পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই বিস্তৃত কৰ্মসূচী গ্ৰহণ কৰি গোলাঘাটত সাহিত্য,সংস্কৃতি চৰ্চাৰ পৰিৱেশ ৰচনাৰ লগতে বিশেষকৈ নৱ-প্ৰজন্মক এনে দিশত জড়িত কৰাৰ আন্তৰিক পদক্ষেপ গ্ৰহণ কৰিছে ।
- Log in to post comments
- 30 views