তামুলপুৰত এছএছবিৰ গাড়ী চালনা প্ৰশিক্ষণ

তামুলপুৰত এছএছবিৰ গাড়ী চালনা প্ৰশিক্ষণ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাউলীত এছএছবিৰ ২৪নং বাহিনীৰ উদ্যোগত আজিৰে পৰা স্থানীয় নিবনুৱা যুৱকসকলক কাউলীৰ মটঙা নদীৰ পাৰত ৪৫ দিনলৈ গাড়ী চালনা প্ৰশিক্ষণ আৰম্ভ হৈছে । অঞ্চলটোৰ স্থানীয় প্ৰায় ১২গৰাকীকৈ নিবনুৱা যুৱকক চাৰিচকীয়া গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়া হ'ব । আজি ১১ বজাত চাৰিচকীয়া গাড়ী চালনা প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে এছ এছ এছ বিৰ ২৪নং বাহিনীৰ ৰঙিয়াৰ ডেপুটী কমাণ্ডাৰ দীপক শাহীয়ে । এছএছবিৰ বিষয়াজনে জানিব দিয়ামতে, নিবনুৱা যুৱকসকলক স্বনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে ২৪নং বাহিনীয়ে গাড়ী চালনা প্ৰশিক্ষণৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ পৰৱৰ্তী পৰ্যায়ত মহিলাসকলৰ বাবেও চিলাই প্ৰশিক্ষণ প্ৰদান কৰিব বুলি তেওঁ লগতে কয় । উক্ত কাৰ্যসূচীত স্থানীয় ৰাইজ, গাঁওবুঢ়াৰ লগতে এছএছবিৰ জোৱানসকল উপস্থিত থাকে ৷

Your Comments