চিৰাঙৰ বিজনীৰ পাণবাৰীত ওড়িষাৰ আৰ্হিত নিৰ্মিত শ্ৰী শ্ৰী কালী মন্দিৰ উদ্বোধন

bgn

বঙাইগাঁওঃ 

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পাণবাৰী বজাৰস্থিত নৱ নিৰ্মিত শ্ৰীশ্ৰী কালী মন্দিৰটো আজি পুৱাৰ ভাগত আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰা হয়। পাণবাৰী বজাৰ সমিতিয়ে ৰাইজৰ দান বৰঙণিৰে ওড়িষাৰ মন্দিৰৰ আৰ্হিত প্ৰায় দুই কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা উক্ত শ্ৰী শ্ৰী কালী মন্দিৰটো বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে। ১৯৪৬ চনতে স্থাপন হোৱা উক্ত শ্ৰীশ্ৰী কালী মন্দিৰটো ওড়িষাৰ কাৰিকৰে দহ-বাৰ জন সহযোগীৰ সহযোগত বিগত পাঁচ বছৰ ধৰি একেৰাহে নিৰ্মাণ কাৰ্য চলাই সম্পূৰ্ণ কৰি তুলিছে।

bg ইফালে মন্দিৰটোত মাৰ্বল পাথৰৰ দ্বাৰা নিৰ্মিত শ্ৰীশ্ৰী মা কালী মূৰ্তিটো ৰাজস্থানৰ পৰা অনা হৈছে বুলি সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। ইপিনে মন্দিৰ উদ্বোধন কৰাৰ পিছত অনুষ্ঠিত উদ্বোধনী সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাষণত আগন্তুক পাঁচ-ছয় মাহৰ ভিতৰত পাণবাৰীক মহকুমা হিচাপে ঘোষণা কৰা হ'ব বুলিও  উল্লেখ কৰে।

Your Comments