১১ নং দেহাৰকুছি গাঁও পঞ্চায়তৰ ৱাৰ্ড সভা সম্পন্ন  

barvg

বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন :

আজি লৰমা বটাকুছি জামে মছজিদ প্ৰাঙ্গণত ১১ নং দেহাৰকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত লৰমা বটাকুছি (খ) শাখাৰ ২০১৯-২০ বৰ্ষৰ ৱাৰ্ড সভাখন অনুষ্ঠিত হৈ যায়।উক্ত পঞ্চায়ত খনৰ সন্মানীয় সভাপতি শ্ৰী যোগেশ্বৰ শৰ্মাৰ সঞ্চলনাত হোৱা সভাখনত পঞ্চায়ত সচিব মাননীয় শ্ৰী শংকৰ পণ্ডিতে ২০১৯-২০ বৰ্ষৰ বাবে লৱলগা আঁচনি সমুহৰ বিষয়ে বিশদ ভাবে ৰাইজৰ আগত দাঙি ধৰে আৰু আঁচনি সমুহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগ কামনা কৰে।সচিবৰ বক্তব্যৰ  পিছতেই ৰাইজে বিভিন্ন আঁচনি সমুহ আলাপ-আলোচনাৰ মাজেৰে কিছু সংখ্যক আঁচনি তালিকা ভূক্ত   কৰে। সভাৰ শেষত সভাপতিৰ বক্তব্য আৰু মন্তব্যত কয় যে সকলোবোৰ আঁচনিৰ ক্ষেত্ৰতে দুখীয়া মানুহক প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ'ব আৰু ইয়াত কোনো দল মতৰ কথাই প্ৰাধান্য নাপায়।লগতে তেখেতে কয় যে অনাগত দিনৱোৰত আমি যিমান পাৰো সিমান আঁচনিৰ সফল ৰূপ দিয়াৰ চেষ্টা কৰিম, তাৰ বাবে ৰাইজেও আন্তৰিকতাৰে সহযোগ আগবঢ়াৱ লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত যি ধৰণে ৱাৰ্ড সভা পাতি তথা ৰাইজক প্ৰাধান্য দি আঁচনি প্ৰস্তুত কৰা হৈছে এনেকুৱা ঘটনা বিৰল বুলিও দোহাৰে ।সভাত আঞ্চলিক সদস্য মাননীয় শ্ৰী ফণিনাথ লহকৰৰ উপৰি পঞ্চায়ত সদস্য মঃ নচিব আলীও উপস্থিত থাকে।

Your Comments