
অসমীয়া ছবিৰ ইতিহাসত যতীন বৰাৰ বহুচৰ্চিত ছবি 'ৰত্নাকৰ'-এ গঢ়িলে নতুন অভিলেখ।অসমীয়া ছবিৰ পূৰ্বৰ ইতিহাস ভংগ কৰি ৰত্নাকৰে মুক্তিলাভৰ দশম দিনটোত উপাৰ্জন কৰিলে ৬৮ লাখ টকা।যি নেকি অসমীয়া ছবিৰ ইতিহাসত এটা দিনত সৰ্বাধিক উপাৰ্জন।ইয়াৰ পূৰ্বে চলিত বর্ষত মুক্তি লাভ কৰা শিল্পী জুবিন গাৰ্গৰ 'কাঞ্চনজংঘা'ই এটা দিনত ৫৯ লাখ টকা উপাৰ্জন কৰি অসমীয়া ছবিত ইতিহাস ৰচনা কৰিছিল।
গুৰুত্বপূৰ্ণ কথা এই যে মুক্তিলাভৰ দশম দিনটোলৈকে ৰত্নাকৰে উপাৰ্জন কৰিছে ৪.৯৫ কোটি টকা।ইফালে,ছবিখনৰ প্ৰতি দর্শকৰ আগ্ৰহ দেখি ছবিগৃহসমূহে ইতিমধ্যে বৃদ্ধি কৰিছে দর্শনী।ইফালে দেওবাৰৰ দিনটোত মহানগৰীৰ 'অনুৰাধা' ছবিগৃহত পূৰ্বৰ চাৰিটা দর্শনীৰ পৰা পাঁচটালৈ বৃদ্ধি কৰা হৈছিল।
- Log in to post comments
- 13 views