গন্ধমৌৰ বঙলাঘুলীত শ্ৰী শ্ৰীশ্যামাৰ পূজাৰ আয়োজন

suwalkuchi

শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ প্রতিবেদনঃ

 কামৰূপ জিলাৰ গন্ধমৌৰ বঙলাঘুলীত সমুহ ৰাইজ একগোট হৈ জগদ্বিশ্বৰী  শ্ৰী শ্ৰী শ্যামা পূজাৰ আয়োজন কৰিছে ,সেই উদ্দেশ্য গন্ধমৌৰ ৩৫ সংখ্যক  বঙলাঘুলী শ্ৰী শ্ৰী শ্যামা পূজা উদযাপন সমিতিৰ উদ্যোগত অহা ৯ , ১০ কাতি ( ইং ২৭ আৰু ২৮ অক্টোবৰ , ২০১৯ ) তাৰিখ ৰবিবাৰ আৰু সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে সম্পূৰ্ণ ধৰ্মীয় প্ৰথাৰে শ্ৰী শ্ৰী শ্যামা পূজাৰ আয়োজন কৰিছে ৷ কাৰ্যসূচী অনুসৰি , ২৭ অক্টোবৰৰ দিনা ৰাতিপুৱা ধৰ্ম ধ্বজা উত্তোলন ,বৃক্ষৰোপণ ,আয়তী সকলৰ নাম প্ৰসঙ্গ , শোভাযাত্ৰা , আবেলি লৈ প্ৰতিমা স্থাপন , সমুহীয়া বন্তি প্ৰজ্বালন , নিশা ,হোমাদিকৃত্য শান্তি স্তৱ , পুষ্পাঞ্জলি অৰ্পণ ৷ ২৮ অক্টোবৰ দিনা ,ৰাতিপুৱা প্ৰসাদ বিতৰণ ,সন্ধিয়া সংকীৰ্ত্তন , আৰু নাগাৰা নাম ৷ শ্ৰী শ্ৰী শ্যামা পূজা সাফল্যমণ্ডিত কৰি তুলিবলৈ বঙলাঘুলী সমুহ ৰাইজৰ হৈ সভাপতি ধীৰেণ দাস আৰু সাধাৰণ সম্পাদক  জয়ন্ত দাসৰ লগতে ৩৫ সংখ্যক বঙলাঘুলী শ্যামা পূজা উদযাপন সমিতিৰ সভাপতি বিনোদ দাস আৰু সাধাৰণ সম্পাদক বাপুকণ চন্দ্ৰ দাসে প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ সহায় - সহযোগিতা তথা  উপস্থিতি কামনা কৰিছে ৷

Your Comments