ঘগ্ৰাপাৰৰ খাতিকুছিৰ পৰা নলবাৰীৰ বৰকুৰা দুৰ্গা মন্দিৰলৈ বিজেপিৰ গান্ধী সংকল্প যাত্ৰা 

baharghat

নৰেন শৰ্মা,বাহাৰঘাটঃ

ভাৰতীয় জনতা পাৰ্টিৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰস্থিত খাতিকুছি চ'কৰ পৰা নলবাৰী বৰকুৰা দুৰ্গা মন্দিৰলৈ উলিওৱা "গান্ধী সংকল্প যাত্ৰা"ৰ দেওবাৰে  ৮নং মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ  দিলীপ শইকীয়াই  শুভ উদ্ধোধন কৰে।  উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰীৰ বিধায়ক অশোক শৰ্মা,ন বিজেপি ভূৱনেশ্বৰ কলিতা,নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,নলবাৰী যূৱ মৰ্চাৰ সভাপতি পংকজ ডেকা,বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা,সম্পাদক ডিম্বেশ্বৰ বেজবৰুৱা,চন্দন ডেকা  ,মন্ডল সভাপতি সকল আৰু বহু সংখ্যক কাৰ্যকৰ্তাই ।অনুষ্ঠানটো উদ্বোধন কৰি সাংসদ দিলীপ শ ইকীয়াই ভাষণত সকলো মিলি নতুন ভাৰত গঢ়াত আগভাগ লবলৈ আহ্বান জনোৱাৰ উপৰি বাপুৰ পথেৰে আগবাঢ়ি সকলো পক্ষকে বাপুৰ বাণী বিলাবলৈও আহ্বান জনায়।পদযাত্ৰাত নলবাৰীৰ বিধায়ক অশোক শৰ্মা,ন বিজেপি ভুৱনেশ্বৰ কলিতা আদিয়েও ভাষণ প্ৰদান কৰে।ইয়াৰ পিছতেই "মন মে বাপু" শ্ল'গানৰে পদ যাত্ৰা আৰম্ভ কৰি নলবাৰীৰ বৰকুৰাৰ দুৰ্গা মন্দিৰত উক্ত পদ যাত্ৰা সমাপ্ত কৰে।

Your Comments