বাহাৰঘাট চেন্ট্ৰেল বেংকত উত্তপ্ত পৰিস্থিতি : মৃত শহুৰেকৰ কৃষি ঋনৰ ধন বোৱাৰীয়েকৰ আত্মাসহায়ক গোটৰ ঋনৰ পৰা কৰ্তন 

baharghat

নৰেন শৰ্মা,বাহাৰঘাট : 
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাহাৰঘাটত থকা চেন্ট্ৰেল বেংকত শনিবাৰে দিনৰ ভাগত লৰমা বটাকুছি মিলিজুলি আত্মাসহায়ক গোটে বেংকটোৰ জৰিয়তে লোৱা এটি ঋনৰ ধন কাটি নিয়াকলৈ একাংশ মহিলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷উল্লেখযোগ্য যে স্থানীয় লৰমা বটাকুছি মিলিজুলি আত্মাসহায়ক মহিলা গোট এটাই ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত একলাখ টকাৰ এটি ঋণ পাবলৈ সক্ষম হৈছিল৷বিগত শনিবাৰে মহিলা সকলে বেংকৰ পৰা ঋণৰ ধন উলিয়াবলৈ আহোতে গোটৰ লগত জড়িত ৰিণা বেগম নামৰ মহিলা গৰাকীৰ শহুৰ মৃত মোবাৰক আলীৰ নামত বহু বছৰ আগতে লোৱা কৃষি ঋণ এটিৰ অনাদায় হৈ থকা ধন কাটি নিয়াত মহিলা সকলে হাহাকাৰ কৰি উঠে৷মহিলা সকলৰ হাহাকাৰত স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াই আৰু প্ৰবন্ধক সহ আটাইবোৰ কৰ্মচাৰীকে নিশালৈকে আৱদ্ধ কৰি ৰাখে৷পৰিস্থিতিৰ অধিক অবনতি ঘটিবলৈ লোৱাত বেংক কতৃপক্ষই সন্মুখৰ চাটাৰ বন্ধ কৰি দিয়ে আনকি ভিতৰত সাংবাদিককো প্ৰবেশ কৰিবলৈ বাধা প্ৰদান কৰে৷bgt

অৱশেষত স্থানীয় ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী সহ আৰক্ষীৰ দল এটি ঘটনাস্থলীত উপস্থিত হৈ মহিলা সকলৰ সমস্যাটো সমধান কৰিবলৈ একপ্ৰকাৰ সক্ষম হয়৷ উক্ত মহিলা সকলৰ লগত অহা এগৰাকী মহিলাই তিনিমহীয়া সন্তানক লৈ আঠ ঘন্টা সময় আৱদ্ধ হৈ থকা পৰিবেশটো সচাকৈ হৃদয় বিদাৰক আছিল৷ আত্মাসহায়ক গোটৰ এটি সুত্ৰৰ পৰা জানিব পৰামতে প্ৰৱন্ধক গৰাকীয়ে গোটৰ কৰ্তন কৰা পইছাখিনি ওভতাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে৷পিচত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই বেংক প্ৰৱন্ধক সহ কৰ্মচাৰী সকলক আৱদ্ধকাৰীৰ কবলৰ পৰা মুক্ত কৰি লৈ যায়৷উল্লেখ্য যে দায়িত্বভাৰ লোৱাৰে পৰা হৰেকৃষ্ণ প্ৰষাদ নামৰ অনাঅসমীয়া বেংক প্ৰৱন্ধক জনে বেংকটোৰ গ্ৰাহক সকলক ভাল ব্যৱহাৰ নকৰাৰ অভিযোগ কৰিছে একাংশ ভুক্তভোগী ৰাইজে৷ৰাইজে আক্ষেপ কৰি কয় যে প্ৰৱন্ধক জনে ইতিমধ্যে বহু কেইজন ঋণপ্ৰাপ্তৰ ঋনৰ ধন বিভিন্ন ধৰণে কৰ্তন কৰি হাৰাশাস্তি কৰাৰ প্ৰমান ৰাইজৰ হাতত আছে৷আনকি বেংকটোত বৰ্তমানে কৰ্মৰত একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ তুলি ৰাইজে কয় যে বেচিভাগ কৰ্মচাৰীৰে গ্ৰাহকৰ প্ৰতি কৰা ব্যৱহাৰ সন্তোষজনক নহয়৷ৰাইজে এইসকল কৰ্মৰত বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহন কৰাৰ বাবে বেংকৰ উৰ্ধতন কতৃপক্ষক দাবী জনাইছে৷

Your Comments