লংকাত বন বিভাগৰ অভিযান : জব্দ বহু পৰিমানৰ চেগুন কাঠ সহ বনৰীয়া কচু 

segun

হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :

চোৰাং কাৰবাৰীৰ বিৰুদ্ধে অভিযান চলাই লংকা বন বিভাগে দেওবাৰে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। বিশেষ সূত্ৰৰ পম খেদি লংকা বন বিভাগে পৃথকে পৃথকে অভিযান চলাই  জব্দ কৰে  এখন চোৰাং চেগুন কাঠ ভৰ্ত্তি মেজিক গাড়ী সহ বহু পৰিমাণৰ বনৰীয়া কচু। জব্দকৃত চেগুনখিনিৰ  মূল্য প্ৰায় ৭০ হেজাৰৰো অধিক হ'ব বুলি অনুমান কৰা গৈছে।
অৱশ্যে,বন বিভাগে জব্দ কৰা AS 02E 7697 নম্বৰৰ গাড়ীখনৰ  চালকজনে বিভাগৰ হাতত পাৰৰ পূৰ্বেই পলায়ন কৰিবলৈ সক্ষম হয়।
লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা গোপনে কোনো দুৰ্বৃত্তই চেগুন গছ কাটি কাকীত স্হাপন কৰা অবৈধ কাঠফলা কলৰ পৰা ফালি অনাৰ সন্দেহ কৰা হৈছে  চেগুনখিনি। ইফালে বন বিভাগে আকৌ ভালুকমাৰীৰ সমীপৰ পৰা জব্দ কৰে বহু পৰিমানৰ বনৰীয়া কচু ।

Your Comments