উপনিৰ্বাচনলৈ সাজু চৰাইদেউ জিলা প্ৰশাসন

Sonari

সোণাৰিৰ পৰা ঘন বৰা:

অহা ২১ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া অসম বিধানসভাৰ ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে প্ৰস্ততি প্ৰায় সম্পূৰ্ণ কৰিছে।এই প্ৰস্ততিৰ অংশ স্বৰূপে শনিবাৰে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত নিৰ্বাচনী সাধাৰণ পৰ্য্যবেক্ষক বৃন্দাবন বেহেৰা; নিৰ্বাচনী ব্যয় পৰ্য্যবেক্ষক টি পি চেলিম কুমাৰ আৰু জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দীপক কুমাৰ সন্দিকৈৰ উপস্থিতিত চৰাইদেউ নিৰ্বাচনী জিলাৰ মাইক্ৰ' অৱজাৰভাৰ সকলৰ লগত আগন্তক উপনিৰ্বাচন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।আনহাতে, জিলা নিৰ্বাচনী বিষয়া দীপক কুমাৰ সন্দিকৈয়ে জানিবলৈ দিয়া অনুসৰি সোণাৰি মহাবিদ্যালয়ৰ পৰা নিৰ্বাচনী দায়িত্ব পালন কৰা সমগ্ৰ প'লিং দলটোৱে তেওঁলোকৰ যাৱতীয় সামগ্ৰীসমূহ লৈ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব।সমান্তৰালভাৱে; জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত ভোট গ্ৰহণৰ পিছত প'লিং আৰু প্ৰিজাইডিং বিষয়াসকলে ইলেক্ট্ৰ'নিক ভোটিং মেচিনকে আদি কৰি ভোট গ্ৰহণৰ দিনা ব্যৱহৃত তেওঁলোকৰ অন্যান্য সামগ্ৰীসমূহ জমা দিব পাৰিব।সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰাই পূৰ্বৰ দৰে এইবাৰো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিভিন্ন বাহনসমূহ নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হ'ব।তদুপৰি, উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে সমগ্ৰ চৰাইদেউ জিলাতে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ আছে।এনে অৱস্থাত বিভিন্ন ফ্লায়িং স্কোৱাড আৰু এচএচটি দলে নিৰ্বাচনী আচৰণবিধি পূৰ্ণ পৰ্য্যায়ত বলৱৎ কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে।উল্লেখ্য যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি শনিবাৰে বিয়লি ৫ বজালৈকে ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা দুয়োজন প্ৰাৰ্থীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাই  সামৰণি মাৰে।

Your Comments