মাজুলীত বুটমাহৰ বিষক্ৰিয়া অব্যাহত:পুনৰ চাৰিগৰাকী অসুস্থ লোকক যোৰহাটৰ চিকিৎসালয়ত ভৰ্তি

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ:  

বুটমাহ খাই বিষক্ৰিয়াত অসুস্থ হৈ পৰা দক্ষিণ আঁহতগুৰিৰ ভেকেলি গাঁৱৰ একাংশ লোকৰ স্বাস্থ্যৰ কিছু উন্নতি হোৱাৰ সময়তে শনিবাৰে পুনৰ চাৰিগৰাকী অসুস্থ লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ ঘটনাই অধিক চিন্তাত পেলাইছে গাঁওবাসীক । গাঁওখনৰ নিবাসী ক্ৰমে ভাইটি দলে,সমীৰন পেগু,মহান দলে,প্ৰীতম দলে,সুমীতা পেগু,লিলি পেগু আদি বমি, মূৰ ঘূৰণি,জ্বৰ,পেটৰ বিষত অসুস্থ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালৰ লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাই।ইফালে,যোৱা দুদিনত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা পৰিস্মিতা পেগু নামৰ চাৰি বছৰীয়া শিশুটিৰ সম্প্ৰতি  স্বাস্থ্যৰ সামান্য উন্নতি হোৱা বুলি জানিব পৰা গৈছে ।ইফালে,বিষক্ৰিয়াত আক্ৰান্ত হৈ  চিকিৎসাধীন হোৱা পঞ্চাশগৰাকী ব্যক্তি ঘৰলৈ আহিছে।ৰোগীসকল চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ ক্ষেত্ৰত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩২ নং ৰাদাং ৰিক্কং সমষ্টিৰ সাধাৰণ সদস্য উমা পাঠৰীয়ে গাড়ীৰ যাৱতীয় খৰছ বহন কৰে।

Your Comments