বঙাইগাঁৱতো কাতি বিহু পালন 

bgn

বঙাইগাঁওঃ 

অসমীয়া সমাজৰ পৰম্পৰা ৰক্ষা কৰি শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁৱতো কাতি বিহু পালন কৰা হয় ৷ অভাৱ - অনাতনৰ সময়ত পালিত হোৱা কাতি বিহু উপলক্ষে সন্ধিয়া অসমীয়া লোকসকলে তুলসীৰ তলত ঢাপ বনাই এগছি চাকি জ্বলাই ঐশ্বৰ্য, সমৃদ্ধিৰ দেৱী লক্ষ্মী আইক প্ৰাৰ্থনা জনোৱাৰ লগতে কৃষক পৰিয়ালৰ সদস্যই অশেষ কষ্টৰে কৰা ধাননি পথাৰত বন্তি জ্বলাই লক্ষ্মী আইক অধিক ধান উৎপাদনৰ বাবে আৰু পোক- পৰুৱাৰ পৰা গেঁৰ মেলা খেতি ডৰাক ৰক্ষা কৰাৰ বাবে প্ৰাৰ্থনা জনায় ৷ ইপিনে সন্ধিয়া বঙাইগাঁও চহৰৰ লগতে গাঁৱে - ভূঞে কাতি বিহু উপলক্ষে ঘৰে ঘৰে তুলসীৰ তলত চাকি জ্বলাই শৰাই আগবঢ়োৱাৰ লগতে চলে নাম- প্ৰসংগও ৷ সেইদৰে ধাননি পথাৰত শাৰী শাৰী বন্তি প্ৰজ্বলন কৰি কৃষক ৰাইজে জনায় লক্ষ্মী আইক সেৱা ৷ উল্লেখ্য যে কাতি বিহুৰ দিনটোৰ পৰা অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি তুলসীৰ তলত এমাহ ধৰি প্ৰতি ঘৰ অসমীয়া লোকে সদায় এগছিকৈ চাকি  জ্বলাই তুলসীক সেৱা জনাব ৷

Your Comments