মাজুলীত জালিয়াতিৰে সন্দেহযুক্ত লোকৰ নাম সন্নিৱিষ্ট এন আৰ চিত

মাজুলীত জালিয়াতিৰে সন্দেহযুক্ত লোকৰ নাম সন্নিৱিষ্ট এন আৰ চিত

একাংশ এন আৰ চি বিষয়া-কৰ্মচাৰীৰ অবিবেচক মানসিকতাৰ বাবে বহু চৰ্চিত এন আৰ চিত সন্দেহজনক লোকৰ নাম সন্নিৱিষ্ট কৰাক লৈ সৰ্বত্রে চৰ্চা চলি আছে ৷

শেহতীয়াভাৱে তেনে এটা বিষয় পোহৰলৈ আহিছে স্বয়ং মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত । উথাপিত অভিযোগমতে, জেংৰাই এন আৰ চি কেন্দ্রৰ অন্তৰ্গত উজনি চেৰপাইৰ এফ এল অ' বিনা পাতিৰি নামৰ এন আৰ চি কৰ্মীগৰাকীয়ে নথিপত্ৰ জালিয়াতি কৰি মানস নামৰ

সন্দেহজনক যুৱকজনক উজনি চেৰপাই গাঁও নিবাসী বেথাৰাম পেগুৰ পুত্ৰ হিচাপে পেগু উপাধি সজাই এন আৰ চিত নাম সন্নিৱিষ্ট কৰিছে ।

ঘটনা সন্দৰ্ভত জনামতে, উজনি চেৰপাই গাঁও নিবাসী, বৰ্তমান চাকৰিসূত্রে গুৱাহাটীত কৰ্মৰত ইন্দ্ৰেশ্বৰ পেগুৱে প্ৰায় ৫ বছৰ পূৰ্বে নিজৰ ঘৰলৈ বুলি আহোঁতে তেওঁৰ গাড়ীচালক হিচাপে ২/৩ দিনৰ বাবে মানস নামৰ সন্দেহজনক যুৱকক লৈ আনে ।

সেই সময়তে কালিনাথ পেগুৰ জ্যেষ্ঠ কন্যা মনালিচা পেগুৰ সৈতে মানসৰ চিনাকি হয় । পৰৱৰ্তী সময়ত মনালিচা পেগুৱে মানস নামৰ যুৱকজনৰ সৈতে বিয়াত বহে ।

এটি পুত্ৰ সন্তানসহ তিনিজনীয়া পৰিয়ালটো বৰ্তমান গুৱাহাটীত থাকে ।  এতিয়া কালিনাথ পেগুৰ পৰিয়ালে তেওঁৰ কন্যাক অসমত সুৰক্ষিত কৰাৰ স্বাৰ্থত নথিপত্ৰ জালিয়াতি কৰি মানসক বেথাৰাম পেগুৰ পুত্ৰ হিচাপে এন আৰ চিত নাম সন্নিৱিষ্ট কৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে ।

মাজুলীত জালিয়াতিৰে সন্দেহযুক্ত লোকৰ নাম সন্নিৱিষ্ট এন আৰ চিত

এই অভিযোগ উত্থাপিত হৈছে এফ এল অ' বিনা পাতিৰিৰ বিৰুদ্ধে ৷ বেথাৰাম পেগু হৈছে কালিনাথ পেগুৰ খুড়া । কিন্তু এই বিষয়ে বেথাৰামৰ পৰিয়াল সম্পূর্ণৰূপে অজ্ঞ ।

বেথাৰাম পেগুৰ পৰিয়ালক সম্পূর্ণৰূপে অন্ধকাৰত ৰাখি কৰা এই কাণ্ড এতিয়া পোহৰলৈ অহাৰ লগে লগে পৰিয়ালৰ সদস্যসকলৰ  মাজত বিতৰ্ক চলি আছে যোৱা এসপ্তাহ ধৰি ।

এই জঘন্য কাৰ্যৰ মূল নায়ক কালিনাথ পেগুৰ ওপৰত জাঙুৰ খাই উঠিছে বেথাৰাম পেগুৰ পৰিয়াল । এফ এল অ' বিনা পাতিৰিয়ে সন্দেহজনক যুৱকজনৰ নাম মানস পেগু বুলি প্ৰকাশ কৰিলেও প্ৰকৃততে মানসৰ ঘৰ ক'ত, কি সম্প্ৰদায়ৰ লোক এই লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷

তদন্তৰ জৰিয়তে সন্দেহজনক যুৱকজনৰ সবিশেষ পৰিচয় পোহৰলৈ আহিব বুলি ৰাইজে মত পোষণ কৰিছে ৷

এই সন্দৰ্ভত টি এম পি কেৰ চেৰপাই আঞ্চলিক সমিতিৰ সভাপতি ৰবিন পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাৰ প্ৰকৃত দোষী এফ এল অ' বিনা পাতিৰি তথা কালিনাথ পেগুৰ ওপৰত ব্যৱস্হা গ্ৰহণৰ বাবে দাবী জনাইছে ।
 

Your Comments