গহপুৰত বাজপেয়ীৰ বিষয়ে অপমানজনক মন্তব্য কৰা যুৱকক আটক

গহপুৰত বাজপেয়ীৰ বিষয়ে অপমানজনক মন্তব্য কৰা যুৱকক আটক

 

সমগ্ৰ দেশতে সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা বিজেপি দলৰ পিতামহ অটল বিহাৰী বাজপেয়ীৰ বাবে পালন কৰি থকা হৈছে শোক সপ্তাহ

 দেশবাসীয়ে সুঁৱৰিছে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ জীৱন আৰু কৃতি ৷ তেনে সময়তে বাজপেয়ীৰ বিষয়ে বিৰূপ মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ'বলগা হৈছে গহপুৰৰ এগৰাকী যুৱক ৷

গহপুৰত বাজপেয়ীৰ বিষয়ে অপমানজনক মন্তব্য কৰা যুৱকক আটক

গহপুৰৰ ধেনুধৰা গাঁৱৰ দীপ শৰ্মা নামৰ এগৰাকী যুৱকে বাজপেয়ীৰ মৃত্যুত অপমানসূচক মন্তব্য দি বিতৰ্কৰ মাজত সোমাই পৰে ৷ ফেচবুক পেজত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাৰ বাবে গহপুৰ নগৰ মণ্ডল বিজেপিয়ে দিয়া এজাহাৰৰ ভিত্তিত দীপ শৰ্মাক গহপুৰ আৰক্ষীয়ে আটক কৰে ৷

Your Comments