নলবাৰী দিহজাৰীত সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোণালী জয়ন্তী মহোৎসৱত ভক্তৰ লানি নিচিগা ভিৰ

nlb

নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :

ধনৰ অধীষ্টাত্ৰী দেৱী লক্ষ্মীৰ পূজা উপলক্ষে ৰাজ্যত উখল-মাখল পৰিবেশ । সমান্তৰাৰলকৈ  নলবাৰী জিলাৰ দিহজাৰী গাঁওত ১৯৬৯ চনত স্থাপন কৰা লক্ষ্মী মন্দিৰে এইবেলি ৫০ বৰ্ষত  উপনিত হোৱাৰ লগতে উক্ত মন্দিৰতে উদযাপিত হৈ অহা সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজাভাগীৰ এইবেলি সোণালী জয়ন্তী মহোৎসৱ ব্যাপক উলহ মালহেৰে বিগত ১৩ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ উদযাপন কৰি থকা হৈছে। সোণালী জয়ন্তীৰ কাৰ্যসূচী চলি থকা বিগত দিন কেইটাত মন্দিৰ প্ৰাঙ্গনত ভক্তৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ৷ পহিলা দিনটোত ৰাতিপুৱা ৫ বজাত প্ৰাতঃ প্ৰাৰ্থনা, ৬ বজাত স্বচ্ছ দিহজাৰী অভিযান, ৭ বজাত ধৰ্ধধ্বজা উত্তোলন, ৮ স্মৃতি তৰ্পণ, ৮- ৩০ গছপুলি ৰোপণ আৰু সংৰক্ষণ, ৯-৩০ বজাত তোৰণ প্ৰতিযোগিতাৰ শুভাৰম্ভ , ১০ বজাত দেওঁবৰীয়া আড্ডা, ১১ বজাত আজীৱন দাতাৰ অন্তৰংগ  আলাপ আৰু সম্বৰ্ধনা  অনুষ্ঠান, ১২ বজাত বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা,১২- ৩০ বজাত কণ কণ শিশুৰ চিত্ৰাংকন প্ৰতিযোগিতা, বিয়লি ১ বজাত কুইজ, আকস্মিক বক্তৃতা, কবিতা আবৃতি  প্ৰতিযোগিতা, বিয়লি ৪ বজাত মূখ্য তোৰণ উন্মোচন, ৪- ১৫ বজাত মিঠাভোগ বিতৰণ, ৪- ৩০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সন্ধিয়া ৫ বজাত মন্দিৰৰ দ্বাৰ উন্মোচন, ৫- ৩০ বজাত মুখ্য বন্তি প্ৰজ্বলন, ৬ বজাত আতচবাজী প্ৰজ্বলন, ৬- ১৩ বজাত দেৱীৰ প্ৰতিমা স্থাপন আৰু পূজা আৰম্ভ, ৬- ৩০ বজাত ছাত্ৰ- ছাত্ৰী আৰু মিষ্টাৰ এছিয়া অভিজিত দাসৰ সম্বৰ্দ্ধনা অনুষ্ঠান, নিশা ৯ বজাত প্ৰসাদ বিতৰণ, ৯- ৩০ বজাত মহাভোগ বিতৰণ ৷nlb

১৪ অক্টোৱৰৰ ৰাতিপুৱা প্ৰাতঃ প্ৰাৰ্থনা, স্বচ্ছ দিহজাৰী অভিযানৰ পিছত ১০ বজাত দিহানাম প্ৰতিযোগিতা, বিয়লি ২ বজাত ওজাপালি  প্ৰদৰ্শন, সন্ধিয়া ৭ বজাত আৰতি প্ৰদান, নিশা ৮ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন, ৯ বজাত পূৱেৰুণ সংঘৰ সৌজন্যত পূৰ্নাংগ নাট প্ৰদৰ্শন ৷ তেনেদৰে মঙলবাৰে ৰাতিপুৱা একেধৰণে প্ৰাতঃ প্ৰাৰ্থনা, স্বচ্ছ দিহজাৰী অভিযানৰ পিছত ৮ বজাত ভেশচন প্ৰতিযোগিতা, ৯ বজাত বিনামূলীয়া স্বাস্থ্য শিবিৰ, আবেলি ২ বজাত আধুনিক গীত আৰু লোকগীত প্ৰতিযোগিতা, সন্ধিয়া ৬ বজাত আৰতি প্ৰদান, ৬- ৩০ বজাত " স্মৰণিকা" উন্মোচন, ৭ বজাত আধুনিক নৃত্য প্ৰতিযোগিতা ৷ কাইলৈ ৰাতিপুৱা প্ৰাতঃ প্ৰাৰ্থনা, স্বচ্ছ দিহজাৰী অভিযানৰ পিছত  ৯ বজাত আয়তীৰ নাম, বিয়লী ২ বজাত জীৱন -- এক আলোকপাত সন্দৰ্ভত সভা, আবেলি ধৰ্মালোচনী সভা আৰু সন্ধিয়া ৫ বজাত নাগাৰা নাম পৰিবেশন আৰু নিশা ১২ বজাত প্ৰসাদ বিতৰণ কৰা হয় ৷আজি ৰাতিপুৱা প্ৰাতঃ প্ৰাৰ্থনা, স্বচ্ছ দিহজাৰী অভিযানৰ পিছত  ৯ বজাত বাৰে-- ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব  ৷ শোভাযাত্ৰা খনি শুভাৰম্ভ কৰিব অভিনেত্ৰী কাজল শৰ্মাই , বিয়লি ১ বজাত মহাভোগ বিতৰণ, ৩ বজাত থিতাতে লিখা ৰচনা প্ৰতিযোগিতা, সন্ধিয়া ৫ বজাত সাজ পাৰ প্ৰতিযোগিতা, ৬ বজাত সাংস্কৃতিক সন্ধিয়া উদ্ধোধন, তাৰ পিছতে ৮ বজাত সাংস্কৃতিক সন্ধিয়াত শিল্পীদ্বয় দীক্ষু শৰ্মা আৰু কিমি বৈশ্যই গীত পৰিবেশন কৰিব তাৰ পিচতে অনুষ্ঠানৰ সামৰণি পৰিব ৷

Your Comments