গহপুৰৰ পূব বুৰৈত আছুৰ শৈক্ষিক সভা

গহপুৰৰ পূব বুৰৈত আছুৰ শৈক্ষিক সভা

গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত টকৌবাৰীস্থিত পূব বুৰৈ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত পূব বুৰৈ আঞ্চলিক ছাত্র সন্থাৰ উদ‍্যোগত দেওবাৰে বিয়লি এখন শৈক্ষিক সভা অনুষ্ঠিত হয় ।

পূব বুৰৈ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দীপক বৰাৰ সভাপতিত্বত সম্পাদক ৰীংকু দাসে আঁতধৰা সভাখনত বিদ‍্যালয়খনৰ শতাধিক ছাত্র-ছাত্ৰী উপস্থিত থাকে ।

সভাখনত মুখ্য অতিথি হিচাপে বক্তব্য প্ৰদান কৰি গহপুৰ মহকুমা ছাত্র সন্থাৰ সভাপতি ভুৱনেশ্বৰ তাঁতীয়ে শিক্ষাই এটা জাতিৰ অগ্ৰগতিৰ মূল চালিকা শক্তি বুলি উল্লেখ কৰে ৷

লগতে জাতি, মাটি আৰু ভেটিৰ সুৰক্ষাৰ বাবে প্ৰতিযোগিতামুখী মনোবৃত্তিৰে শিক্ষাত ব্ৰতী হ'বৰ বাবে শিক্ষাৰ্থীসকলক আহ্বান জনায় । পূব বুৰৈ আঞ্চলিক ছাত্র সন্থাৰ উপ-সভাপতি গোপাল গগৈয়েও চমু শৈক্ষিক ব‍ক্তব‍্য প্ৰদান কৰা সভাখনত শোণিতপুৰ জিলা ছাত্র সন্থাৰ

কাৰ্যনিৰ্বাহক সদস্য আকাশ পাল, আঞ্চলিক সমিতিখনৰ প্ৰচাৰ সম্পাদক অনন্ত হাজৰিকাসহ আছুৰ একাধিক বিষয়ববীয়া উপস্থিত থাকে ।

শৈক্ষিক সভাখনৰ অন্তত পূব বুৰৈ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ আছু গোটৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সভাখনত আছু গোটৰ সাংগঠনিক দিশ সন্দৰ্ভত একাধিক সদস্যই ব‍ক্তব‍্য প্ৰদান কৰে ৷

পিছত সৰ্বসন্মতিক্ৰমে হিমাংশু বৰাক সভাপতি, ভুবন ছেত্ৰীক সম্পাদক হিচাপে লৈ পূব বুৰৈ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ আছু গোটৰ ৩১জনীয়া কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।

Your Comments