বঙাইগাঁৱত দেৱেন- মণিকান্ত সোঁৱৰণী ফুটবল প্ৰতিযোগিতা 

bgn

বঙাইগাঁওঃ

বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত স্থানীয় নৰনাৰায়ণ খেল পথাৰত অনুষ্ঠিত দেৱেন বৰ্মণ আৰু মণিকান্ত ৰায় সোঁৱৰণী এককালীন প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত কোকৰাঝাৰৰ ছাই একাদশে পুৰণি বঙাইগাঁও ক্ৰীড়া সংস্থাক ২- ০ গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী হৈ দেৱেন বৰ্মণ সোঁৱৰণী ট্ৰফী লাভ কৰে ৷ সেইদৰে বিজিত দল পুৰণি বঙাইগাঁও ক্ৰীড়া সংস্থাই লাভ কৰে মণিকান্ত ৰায় সোঁৱৰণী ট্ৰফী ৷ ইপিনে প্ৰতিযোগিতাখনত পুৰণি বঙাইগাঁও ক্ৰীড়া সংস্থাৰ সোমেশ্বৰ বড়োৱে সৰ্বোচ্ছ গলদাতাৰ বঁটা আৰু ছাই একাদশৰ দিকলঙে চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ৷

Your Comments