হাইলাকান্দিৰ সোপাধৰা কাণ্ড : গ্ৰেপ্তাৰ ৬দুৰ্বৃত্ত

hailakandi

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :

সোপাধৰা ধৰাৰ নামত শুক্ৰবাৰে সংঘটিত কৰা তাণ্ডব লীলাত জড়িত থকাৰ সন্দেহত শনিবাৰে ৰাতিৰ ভাগত নিতাইনগৰ গাঁৱত এক অভিযান চলাই হাইলাকান্দি আৰক্ষীৰ বৃহৎ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰফিকুল হুচেইন লস্কৰ, নুৰুল হক লস্কৰ, আনাম উদ্দিন লস্কৰ, মানিক উদ্দিন লস্কৰ, ছাইফুল্লা আহমদ লস্কৰসহ ৬ দুৰ্বৃত্তক । বৰ্তমানে এই সকলক হাইলাকান্দি সদৰ আৰক্ষী চকীত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
বাকি দুৰ্বৃত্ত সকলো আৰক্ষীৰ জালত পৰিব বুলি আশাবাদী হাইলাকান্দি আৰক্ষী।

Your Comments