বঙাইগাঁৱত দিনতে চুৰিকাণ্ড :লুটি নিলে নগদ সাত লক্ষাধিক টকাৰ লগতে পাঁচ লক্ষাধিক টকা মূল্যৰ সোণৰ আ- অলংকাৰ 

bgn

বঙাইগাঁওঃ

বঙাইগাঁও চহৰৰ দোলাইগাঁৱত শনিবাৰে দিনৰ ভাগত এঘৰ লোকৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে চুৰিকাণ্ড সংঘটিত কৰি নগদ সাত লক্ষাধিক টকাৰ লগতে পাঁচ লক্ষাধিক টকা মূল্যৰ সোণৰ আ- অলংকাৰ লুট কৰি নিয়ে ৷ জানিব পৰা মতে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী জয়দেৱ ৰায়ে পত্নীসহ নিজ কন্যাই পঢ়া লিটিল ফ্লাৱাৰ বিদ্যালয়লৈ বুলি ১১ মান বজাত ওলাই যোৱাৰ পিচতেই এই চুৰিকাণ্ড সংঘটিত হয় ৷ চোৰে জয়দেৱ ৰায়ৰ ঘৰৰ দৰ্জাৰ লক ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু আলমিৰা আদিৰ লক ভাঙি ধন- সোণ লুট কৰি নিয়ে ৷ উল্লেখ্য যে জয়দেৱ ৰায়ে জানিবলৈ দিয়া মতে চোৰে জয়দেৱ ৰায়ে ক্ৰয় কৰা মাটিৰ গৰাকীক দিবলৈ বুলি জমা ৰখা নগদ পাঁচ লাখ পঞ্চাছ হেজাৰ টকাৰ লগতে পত্নীৰ সাচতীয়া ডেৰ লাখ টকা আৰু পত্নী- কন্যাৰ পাঁচ লাখ মান টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰি নিয়ে ৷ সেইদৰে কন্যাই বিভিন্ন নৃত্য প্ৰতিযোগিতাত অংশ লৈ পুৰস্কাৰ হিচাপে লাভ কৰা ধন জমা কৰি ৰাখিছিল যদিও সেই ধনৰাশিও লুট কৰি নিয়ে চোৰে ৷ পুৰস্কাৰৰ নগদ আশী হেজাৰমান টকা আছিল বুলিও জানিব পৰা গৈছে ৷ চুৰিৰ ঘটনাটো পতি- পত্নীয়ে ঘৰলৈ উভতি অহাৰ পিচত জানিব পাৰে আৰু আৰক্ষীক খবৰ দিয়ে ৷ পিচত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে ৷

Your Comments