টাই আহোম যুৱ পৰিষদৰ প্ৰাক্তন নেতা ভাস্কৰ বৰুৱাৰ বিজেপিত যোগদান

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্ৰতিবেদন :

সোণাৰি সমষ্টিৰ উপ নিৰ্বাচনৰ গৰম বতাহ বলি থকা সময়তে শনিবাৰে বিজেপি দলত যোগদান কৰিলে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ,( টাইপা)ৰ প্ৰাক্তন কেন্দ্ৰীয় সহঃসম্পাদক ভাস্কৰ বৰুৱাই। বৰুৱাৰ লগতে সমাজকৰ্মী বিজয় বিশ্বাস আৰু সুবিত তাঁতীয়েও যোগদান কৰিলে বিজেপিত। সোণাৰিত  বিজেপিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত যোগদান কৰে  এসময়ত "নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ বিৰুদ্ধে সৱল প্ৰতিবাদ সাব্যস্ত কৰা"  টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সহঃসম্পাদক ভাস্কৰ বৰুৱাই। এই যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিজেপিৰ বিষয়ববীয়া গীতাৰ্থ গোস্বামীৰ লগতে  বিজেপিৰ প্ৰাৰ্থী  নৱনীতা সন্দিকৈ সহ আন বহুকেইজন ৰাজ্যিক নেতা। ইফালে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ (টাইপা)ৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা " কেব" বিৰোধী  নেতাগৰাকীয়ে  বিজেপিত  যোগদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি  হৈছে জাতীয়তাবাদী মহলত।

Your Comments