বৰাজোলত ৰঙিয়া-ধমধমা সংযোগী পথত আছুৰ পথ অৱৰোধ

barajol

নৰেন শৰ্মা,বাহাৰঘাট :

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত  বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত শনিবাৰে দুপৰীয়া 
এঘন্টা ধৰি ৰঙিয়া -ধমধমা সংযোগী পথত( বৰাজোল হাই মাদ্ৰাছাৰ সম্মুখত) অঞ্চলটোৰ বিভিন্ন জৰাজীৰ্ণ  গ্ৰাম্য আৰু গড়কাপ্তানি পথ নিৰ্মাণ  আৰু মেৰামতি কৰাৰ  দাবীত অৱৰোধ কাৰ্যসুচী ৰূপায়ন কৰে । জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদৰ নেতৃত্বত ৰূপায়ন হোৱা উক্ত কাৰ্যসূচীত প্ৰায় পাঁঁচ শতাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহন কৰি অসম চৰকাৰ হায় হায়, গড়কাপ্তানি মন্ত্ৰী হয় হায়, বিধায়ক অশোক শৰ্মা মুৰ্দাবাদ , বি.জে.পি চৰকাৰ গো'বেক , হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, জৰাজীৰ্ণ বাট পথ অতিশীঘ্ৰে নিৰ্মান কৰক, বিধায়কে কমিচন খোৱা বন্ধ কৰক শ্লোগানেৰে পৰিবেশ উত্তাল কৰে । উল্লেখ্য যে বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ পূৰ্বেও অঞ্চলটোৰ বিভিন্ন গ্ৰাম্য আৰু গড়কাপ্তানি পথ নিৰ্মান আৰু মেৰামতিৰ দাবীত কেইবালানিও কাৰ্যসূচী গ্ৰহন কৰিছিল ।n

পথ অৱৰোধ কাৰ্যসূচীৰ প্ৰতিবাদী সভাত জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদে কয় যে বাৰে  বাৰে স্থানীয় বিধায়ক গৰাকীয়ে ৰাইজক মিছা আস্থা দি আহিছে । বৰাজোলৰ পৰা ৰঙিয়া সংযোগী পথ , ভিঠা মহলৰ পৰা পানবাৰী চেনী ভিঠা সংযোগী পথ, বৰাজোল হাবলখা হৈ ধমধমালৈ যোৱা পথসমুহৰ  পয়ালগা অৱস্থাই ছাত্ৰ ছাত্ৰী সকলৰ লগতে সাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে । এজাক বৰষুণ আহিলেই ৰাস্তাৰ গাতবোৰ পানীৰে ভৰি পৰি বোকাময় হোৱাত ছাত্ৰ ছাত্ৰ সকলে প্ৰায়েই স্কুললৈ যাব নোৱাৰা হয় । নলবাৰী জিলাৰ গৃহ সমষ্টিত স্থানীয় বিধায়ক অশোক শৰ্মাই কোনোধৰণৰ উন্নয়নমূখী কাম কৰা নাই বুলি ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰে । সমষ্টিটোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰৰ প্ৰায় সমুহ গ্ৰাম্য আৰু গড়কাপ্তানি পথৰে এতিয়া মানুহ চলাচল কৰিব নোৱাৰা হোৱাটো অসমৰ বিয়াগোম গড়কাপ্তানি বিভাগৰ বাবে চৰম ব্যৰ্থতাৰ কাৰণ বুলি আছুৱে দোহাৰে । জৰাজীৰ্ণ বাট পথ বোৰ কমিচনৰ অঙ্কত থকা  জনপ্ৰতিনিধি আৰু  ঠিকাদাৰসকলৰ বাবে যেন এতিয়া খিৰতিগাইত পৰিণত হৈ পৰিছে । উক্ত পথ অৱৰোধ কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাই কয়  ৰাস্তাৰ কাম নোহোৱাত ক্ষোভ প্ৰকাশ কৰে।অসম উন্নতি সভা নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই পৰিৱৰ্তনৰ শ্লোগান দি  গাদী দখল কৰা সৰ্বানন্দ সনোৱাল চৰকাৰৰ দাম্ভিক গড়কাপ্তানি মন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমলোচনা কৰি কয় যে উন্নয়নৰ নমুনা চাবলৈ বৃহত্তৰ বৰাজোল অঞ্চললৈ আহক বুলি প্ৰতিবাদী ভাষণ দিয়ে।বৰাজোল বজাৰ উন্নয়ন সমিতি , দূৰ্গা মন্দিৰ উন্নয়ন সমিতিৰ বিষয়বীয়া , প্ৰাক্তন আৰু পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থা,ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থাৰ প্ৰতিনিধি আৰু বৰ্তমানৰ ভালেমান ছাত্ৰকৰ্মী উক্ত কাৰ্যসূচীত উপস্থিত থাকে । প্ৰতিবাদী সভাৰ অন্তত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আজিজুল ইছলাম ,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধনমণি দাসৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্ত আৰু অসমৰ গড়কাপ্তানি মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ।

Your Comments