জনজীৱন, প্ৰকৃতিলৈ ভাবুকি কঢ়িয়াই অনা ডবকা বালি মহল নং ১ আৰু ২ বন্ধ কৰাৰ দাবী

জমিৰ উদ্দিন তালুকদাৰ, ডবকা :

হোজাই জিলাৰ দক্ষিণ নগাওঁ বন সংমণ্ডলৰ অধীনত থকা ডবকা যমুনা উপত্যকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ডবকা ১ নং বালি মহল আৰু ২ নং বালি মহলটো জন বসতিপূৰ্ণ স্থানত হোৱাত স্থানীয় আবাসী আৰু জনজীৱনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ ডবকা ১ নং বালি মহলটোৱে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা যমুনা নদীৰ কলাপানী মথাউৰিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে বুঢ়ীগাওঁ কলাপানী গাওঁ, গাওঁখনত থকা মছজিদ, মোক্তাৱ, বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ কঢ়িয়াই আনিছে তীব্ৰ প্ৰত্যাহ্বান ৷ যোৱা বাৰিষাৰ সময়ত যমুনাৰ প্ৰলয়ংকাৰী বানত যমুনা নদীৰ কলাপানী মথাউৰিছোৱা এক প্ৰকাৰ উটি যোৱাৰ উপক্ৰম হৈছিল ৷ স্থানীয় ৰাইজৰ সহায়ত মথাউৰিছোৱা কোনো মতে ৰক্ষা পৰে ৷ সম্প্ৰতি কোনো চৰকাৰী বিভাগে চোৱাচিতা নকৰা কলাপানী মথাউৰিছোৱা স্থানীয় ৰাইজ আৰু বিভিন্ন অনুষ্ঠানৰ সহায়ৰ ওপৰত টিকি আছে ৷ বুঢ়ীগাওঁ (কলাপানী)-ৰ ৰাইজৰ জীৱনৰেখা সদৃশ উক্ত মথাউৰিয়েদি ডবকাৰ পূৱ অঞ্চলৰ কেবাখনো গাঁৱৰ ৰাইজ, স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে আহ-যাহ কৰে ৷ নদীৰ খহনীয়াত জাহ যায় ঠায়ে ঠায়ে অত্যন্ত ঠেক হৈ পৰা মথাউৰিৰ ওপৰেদি বালি ভৰ্তি ট্ৰাকৰ যাতায়াতৰ ফলত সাধাৰণ লোকৰ আহ-যাহ অত্যন্ত কঠিন হৈ পৰিছে ৷  অত্যন্ত দুৰ্বল হৈ পৰা মথাউৰিৰ ওপৰেদি বালি ভৰ্তি ট্ৰাকৰ চলাচলে মথাউৰিটো নিঃশেষ হ'ব বুলি স্থানীয় ৰাইজে শংকা ব্যক্ত কৰি আজি ডবকা ৰাজহ চক্ৰ বিষয়াক এক লিখিত অভিযোগ দিছে ৷ কেৱল সেয়াই নহয়, এই মহলটো স্থাপনত খনি আৰু খনিজ সম্পদ বিধিও লংঘন কৰা বুলি অভিযোগ কৰা হৈছে ৷ চৰকাৰী খননৰ বিধি অনুসৰি নদীৰ মথাউৰি, জনবসতিপূৰ্ণ এলেকা, দলং আদিৰ কাষত কোনো মহল স্থাপন কৰিব নোৱাৰে ৷ কিন্তু ডবকা ১ নং বালি মহলটো যমুনা মথাউৰিৰ পৰা মাত্ৰ ২০ মিটাৰ আঁতৰত অৱস্থিত ৷ সেয়ে ডবকা বুঢ়ীগংগা নদীৰ সংগমস্থলত স্থাপন কৰা বালি মহল নং ১ বন্ধ কৰি স্থানীয় ৰাইজক অভয় দিয়াৰ দাবী তুলিছে নৈপৰীয়াই ৷ দ্বিতীয়তে, ২ নং ডবকা বালি মহলটো সংৰক্ষিত বনাঞ্চলৰ ভিতৰত লক্ষী কেম্পৰ পিছফালে অৱস্থিত যমুনা নদীত দিনে নিশাই বালি খনন কৰি থকাৰ ফলত সংৰক্ষিত বনাঞ্চলখনৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি আহিছে ৷ ৰাইজৰ অভিযোগ অনুসৰি নিশাৰ ভাগত এই গাড়ীবোৰত বালিৰ লগতে মূল্যবান বনজ সম্পদ সৰবৰাহ হৈ থাকে ৷ এনে অবৈধ কামত লিপ্ত থকা মহলদাৰৰ নামত আবন্টিত মহলবোৰ তদন্ত কৰি উচিত শাস্তিৰ দাবী তুলিছে ডবকাৰ ৰাইজে ৷ এই ক্ষেত্ৰত ডবকা বন বিভাগৰ ভূমিকা হ'ব লক্ষণীয় ৷

Your Comments