চতিয়াত কণ কণ শিশুৰ মাজত পুত্ৰৰ জন্মদিন পালন কৰিলে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে

satiya

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: 

কণ কণ শিশুসকলৰ মাজত এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক । বিধায়ক প্ৰমোদ বৰঠাকুৰৰ সুযোগ্য সন্তান উদ্দিপ্ত বৰঠাকুৰৰ অষ্টম সংখ্যক জন্মদিন উপলক্ষে শনিবাৰে চতিয়াৰ উত্তৰ পাৰৰ তপোবন প্ৰাথমিক বিদ্যালয়ত পৰিয়ালসহ উপস্থিত হৈ বিদ্যালয়খনৰ কণ কণ শিশু সকলৰ মাজত জন্মদিন পালন কৰে । কেমেৰাই ঢুকি নোপোৱা অতি পিছ পৰা অঞ্চলত জন্ম দিনটো উদযাপন কৰাৰ বাবে বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে বিধায়কগৰাকীক ধন্যবাদ জনায় । জন্ম দিন উপলক্ষে এজোপা গছ পুলি ৰোপণ কৰি সকলোকে পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিবৰ বাবে আহ্বান জনাই বিধায়কগৰাকীয়ে । s

উল্লেখযোগ্য যে এই জন্মদিন উদযাপনত উপস্থিত থাকে বিধায়কৰ পত্নী তথা বিশিষ্ট সমাজসেৱীকা পৰি বৰঠাকুৰ, চতিয়া জিলা পৰিষদৰ সদস্য ধনদা গগৈ, চতিয়া আঞ্চলিক পঞ্চায়তৰ উপ-সভাপতি ভাই শইকীয়া, যুৱ নেতা লাচিত পাতৰ আৰু কিছু সংখ্যক স্থানীয় ৰাইজ। এই প্ৰশংসনীয় পদক্ষেপ হাতত লোৱাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকল উৎসাহিত হৈ পৰে।

Your Comments