হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
লংকাৰ ভালুকমাৰীত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা ।অগ্নিকাণ্ডত এখন i20 গাড়ী জ্বলি যোৱাৰ লগতে এটি ঘৰো জ্বলি ভস্মীভূত হয় ।ভস্মীভূত হোৱা গাড়ীখনৰ গৰাকী হ'ল হৰকুমাৰ দাস।একেসময়তে দাসৰ কাষৰীয়া শংকৰ পালৰ ঘৰটোত জুই লাগে।পাছত স্থানীয় ৰাইজে জুই নিৰ্বাপিত কৰে যদিও হৰকুমাৰ দাসে নিজে পৰিকল্পিতভাৱে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে ।উল্লেখ্য যে,শুক্ৰবাৰে এটি বাল্ব চুৰিৰ অপৰাধত স্থানীয় ৰাইজৰ ৰোষত পৰিচিল হৰকুমাৰ দাস।
দোকানৰ চিচি টিভি ফুটেজত তেও চুৰিকাণ্ড কৰা ধৰাও পৰিচিল। সেয়ে লজ্জিত হৈ দাসে ৰাইজৰ দৃষ্টি আন দিশে নিবলৈ নিজে এই নিকৃষ্ট পন্থা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইপিনে,আৰক্ষীৰ পৰা হাত সাৰিবলৈ শুক্ৰবাৰৰ পৰা আত্মগোপন কৰি আছিল হৰকুমাৰ দাস।
- Log in to post comments
- 5 views