ৰাজীৱ পাতিৰ,মাজুলী :
ৰাজ্য চৰকাৰৰ 'সাংবাদিক স্বাস্থ্য কল্যাণ আঁচনি'ৰ অধীনত মাজুলী জিলাৰ দুগৰাকী সাংবাদিকলৈ আৰ্থিক অনুদান আগবঢ়াইছে তথ্য আৰু জনসংযোগ বিভাগে। বৃহস্পতিবাৰে বিয়লি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত 'মাজুলীৰ সাংবাদিকসকলেৰে নৱনিযুক্ত উপায়ুক্তৰ এক মতবিনিময় অনুষ্ঠানত সাংবাদিকদ্বয় দীপু বৰা আৰু বিপুল শইকীয়াক আনুষ্ঠানিকভাৱে এই অনুদানৰ চেক বিতৰণ কৰে নৱনিযুক্ত উপায়ুক্ত বিক্ৰম কৈৰীয়ে। অনুষ্ঠানত মাজুলী জিলা সাংবাদিক সন্থা, আপকুৰ মাজুলী জিলা সমিতি আৰু গড়মূৰ প্ৰেছ ক্লাৱৰ সদস্যসকলকে ধৰি জিলাখনৰ ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ প্ৰায়সকল সাংবাদিকৰ লগতে মাজুলীৰ ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰাজেন্দ্ৰ বৰুৱাসহ জিলা জনসংযোগ বিভাগৰ সকলো কৰ্মচাৰীৰ উপস্থিতিত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া কৈৰীয়ে অসমীয়া প্ৰতিদিনৰ কমলাবাৰীৰ সংবাদদাতা দীপু বৰা আৰু দৈনিক অসমৰ মাজুলীৰ সংবাদদাতা বিপুল শইকীয়াক ক্ৰমে ৬০ হেজাৰ টকা আৰু ১৫ হেজাৰ টকাৰ চেক বিতৰণ কৰে।
উল্লেখ্য যে ৰাজ্যৰ সাংবাদসেৱীসকলক নিজৰ তথা পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে আৰ্থিক অনুদান আগবঢ়াবলৈ এই আঁচনিখন ৰূপায়ণৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে। সাংবাদিক স্বাস্থ্য কল্যাণ আঁচনিখনৰ অধীনত চলিত বৰ্ষত কমলাবাৰীৰ অসমীয়া প্ৰতিদিন কাকতৰ স্থানীয় সংবাদদাতা বৰাৰ নিজৰ লগতে পত্নী আৰু সদ্যপ্ৰয়াত পিতৃৰ চিকিৎসাত হোৱা ব্যয়ৰ বাবদ ৬০ হেজাৰ টকাৰ অনুদান আগবঢ়োৱা হয়। একেদৰে, দৈনিক অসম কাকতৰ মাজুলীৰ স্থানীয় সংবাদদাতা শইকীয়াৰ পত্নীৰ চিকিৎসা ব্যয়ত সহায়ক হোৱাকৈ ১৫ হেজাৰ টকাৰ অনুদান প্ৰদান কৰা হয়। ইফালে, আজিৰ মত বিনিময় অনুষ্ঠানত নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে মাজুলীৰ জনস্বাৰ্থজৰিত বিষয়সমূহৰ বিষয়ে সাংবাদিকসকলৰ পৰা আভাষ লয়। উপায়ুক্ত কৈৰীয়ে মাজুলীৰ দ্ৰুত উন্নয়ন আৰু মাজুলীবাসীৰ কল্যাণৰ দিশত জিলা প্ৰশাসনে সম্পূৰ্ণ আন্তৰিকতাৰে প্ৰচেষ্টা চলাব বুলি দোহাৰি এইক্ষেত্ৰত সাংবাদিকসকলৰ পৰা ইতিবাচক সহযোগিতা কামনা কৰে। জিলাখনৰ ৰাজহুৱা স্বাৰ্থজৰিত বিষয়সমূহত সংবাদসেৱীসকলৰ মতামত জিলা প্ৰশাসনে অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে।
- Log in to post comments
- 61 views