শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই
বৃহস্পতিবাৰে বিয়লি অহা এজাক বৰষুণতে বুৰিল শিৱসাগৰ চহৰৰ কেইবাটাও অঞ্চল। চহৰখনৰ বিভিন্ন বাট -পথৰ লগতে বিভিন্ন স্থানত সোমাল বৰষুণৰ পানী। চহৰৰ দ'লমুখ চাৰি আলি, হস্পিতেল ৰোড, থানামুখ, আমোলাপট্টী, কেন্দ্ৰীয় বজাৰ, অ'এনজিচি কলনি, মেলাচকৰ, কালীবাৰী, গণকপট্টী, উপায়ুক্ত আৱাসৰ সন্মূখ আদি অঞ্চল বৰষুণৰ পানীত বুৰ যায়। কোনো কোনো অঞ্চলত একাঠু পৰ্যন্ত পানী হয়। তদুপৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ আৰু বাৰ এচ'চিয়েচনৰ সন্মূখতো একাঠু পৰ্যন্ত পানী উঠে ।উল্লেখ্য যে, জনসাধাৰণৰ পৰা কেৱল কৰ সংগ্ৰহত ব্যস্ত থকা শিৱসাগৰ পৌৰসভাৰ অদূৰদৰ্শীতাৰ বাবেই এনেদৰে এজাক বৰষুণতেই সমগ্ৰ চহৰ পানীৰ জলমগ্ন হৈ পৰে। চহৰৰ প্ৰায় ভাগ ৰাস্তা ঘাট নতুনকৈ নিৰ্মাণ কৰা হৈছিল যদিও নলা- নৰ্দমা সমুহ শিৱসাগৰ পৌৰসভাই সময় মতে চাফা নকৰাৰ বাবে বৰষুণৰ পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হয়। যাৰ বাবে এজাক বৰষুণতেই চহৰখনত কৃত্ৰিম বানপানী হয় । কেৱল কৰ সংগ্ৰহত ব্যস্ত শিৱসাগৰ পৌৰসভাই চাফাই কৰ্মচাৰীক দৰমহা প্ৰদান নকৰাৰ বাবে বহু সময়ত কৰ্মচাৰীসকলে ধৰ্মঘটৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিছিল। যাৰ বাবে চহৰখনত এক দূৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছিল। উল্লেখ্য যে গুৱাহাটীৰ পিছতে অসমৰ ভিতৰত সৰ্বাধিক কৰ সংগ্ৰহ কৰে শিৱসাগৰ পৌৰসভাই। তথাপিও চফাই কৰ্মী সকলক সময়মতে দৰমহা দিব নোৱাৰা শিৱসাগৰ পৌৰসভাই কিন্তু ৱাৰ্ড সদস্য সকলক সময়মতে দৰমহা দিব পাৰে। স্বচ্চতাৰ দিশত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ বাবেই গপতে গংগাটোপ হৈ থকা শিৱসাগৰ পৌৰসভাই ঐতিহাসিক চহৰখনৰ অপৰিস্কাৰ নলা নৰ্দমাবোৰ চাফা নকৰাৰ বাবেই সেইবোৰেৰে পানী যাব নোৱৰা বাবেই এজাক বৰষুণতেই এনেদৰে ৰাস্তা- ঘাট বুৰ যোৱাৰ লগতে ভালেসংখ্যক লোকৰ ঘৰ-দুৱাৰ পৰ্যন্ত কৃত্ৰিম বানত বুৰ যোৱাৰ অভিযোগ এতিয়া চহৰখনৰ সৰ্বত্ৰে উঠিছে।
- Log in to post comments
- 7 views