নৰেন শৰ্মা,বাহাৰঘাট :
শাৰদীয় এই উৎসৱমুখৰ সময়ছোৱাৰ সুযোগ গ্ৰহণ কৰি সাংসদ, মন্ত্ৰী-বিধায়কৰ লগতে ৰাজনৈতিক দলৰ একাংশ নেতা কৰ্মীয়েও ৰাজ্যৰ প্ৰতিটো পূজামণ্ডপ,গুৰু জনাৰ জন্ম মহোৎসৱ আদিত উপস্থিত হৈ গনসংযোগ অধিক নিকপকপিয়া কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। নেতা সকলৰ এনে গনসংযোগ কাৰ্য্যসূচীয়ে দলীয় তৃণমূল কৰ্মীসকল উৎসাহিত কৰাও দেখা গৈছে৷ ইয়াৰ যেন ব্যতিক্ৰম ঘটা নাই হাজো বিধান সভা সমষ্টিতো। হাজো বিধানসভা সমষ্টিৰ বাপুকণ আলী নামৰ যুৱ কংগ্ৰেছৰ এজন নেতাৰ গণ সংযোগৰ তৎপৰতাই এতিয়া বহুতো অগ্ৰজ নেতা কৰ্মীৰ টোপনি হৰণ কৰিছে৷মনকৰিবলগীয়া যে এই গৰাকী যুৱনেতাই সমষ্টিটোৰ ইমুৰৰ পৰা সিমুৰলৈ চুকে কোনে থকা প্ৰায় প্ৰতিখন দুৰ্গা পূজা সমিতিৰ লগতে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ জন্ম মহোৎসৱ উদযাপন সমিতিৰ লগতো ভাব বিনিময় কৰি দলীয় স্থিতিৰ লগতে আপোন গণ ভিত্তি মজবুত কৰাত উঠি পৰি লাগিছে৷ ইয়াৰ উপৰিও সমষ্টিটোৰ অন্তৰ্গত প্ৰতিটো বুঠ কমিটিৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ লগত ভাব বিনিময়ৰ জৰিয়তে দলীয় স্থিতিৰ বিষয়েও বুজ লৈ থকা বুলি জানিব পৰা গৈছে৷উল্লেখযোগ্য যে পূৰ্বৰে পৰা কংগ্ৰেছ দলৰ সংগঠন মজবুত থকা সমষ্টিটোত দলটোৰ ভেটি একাংশ নেতাৰ বাবে এতিয়া থৰক-বৰক হৈ পৰিছে যদিও বৰ্তমান বাপুকন আলীয়ে পূৰ্বৰ ধাৰা ঘুৰাই আনিব পাৰিব বুলিও তেওঁৰ লগত সংগ দিয়া দলৰ কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে।
- Log in to post comments
- 57 views