বিজেপি নেতা লৱ স্বৰ্গীয়াৰীৰ পৰিয়ালক  মন্ত্ৰী ভৱেশ কলিতাৰ আশ্বাস

rangia_b. kalita

যোৱা ৬ আগষ্টত মৃত্যুবৰণ কৰা বাক্সা জিলা বিজেপিৰ প্ৰাক্তন সভাপতি, বিজেপি দলৰ একনিষ্ঠ সেৱক, তামুলপুৰৰ সমাজকৰ্মী  লৱ স্বৰ্গীয়াৰীৰ তামুলপুৰৰ ভকতপাৰাৰ বাসগৃহত আজি আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। আজি আদ্যশ্ৰাদ্ধ উপলক্ষে প্ৰয়াত বিজেপি নেতা গৰাকীৰ বাসগৃহৰ চৌহদত নিৰ্মান কৰা স্মৃতি সৌধটো মুকলি কৰি তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ ধৰ্মনাৰায়ণ দাস, বিজেপি নেতা বনমালী বড়ো, বাক্সা জিলা বিজেপিৰ নেতা কৰ্মী, তামুলপুৰ, নাগ্ৰীজুলি মণ্ডল বিজেপিৰ নেতা কৰ্মী, স্থানীয় বেজেপি নেতা-কৰ্মী আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। স্মৃতি সৌধ মুকলি কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত এখন শোকসভা অনুষ্ঠিত কৰা হয় আৰু প্ৰয়াত স্বৰ্গীয়াৰীৰ আত্মাৰ সাদগতি কামনাৰে এক মিনিট সময় মৌনতা অৱলম্বন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়।

বাক্সা জিলা বিজেপিৰ তৰফৰ পৰা লিখা এখন শোক পত্ৰও মন্ত্ৰী ভাবেশ কলিতাই পৰিয়ালৰ সদস্যৰ হাতত আজি প্ৰদান কৰে। ইপিনে পৰিয়ালৰ মুৰব্বী জনক হেৰুৱাই শোকত ভাগি পৰা পৰিয়ালৰ সদস্য সকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে যি সময়ত বাক্সা জিলাত বিজেপি দলৰ স্থিতি দুৰ্বল আছিল, তেতিয়া নিজৰ পৰিয়াল, সতি-সন্ততিৰ কথা নাভাবি নিজৰ পকেটৰ ধন ভাঙি, চাইকেল চলাই অতি দুৰ্গম অঞ্চললৈ গৈয়ো দলৰ কাম কৰিছিল লৱ স্বৰ্গীয়াৰীয়ে। 

দীৰ্ঘ দিন বেমাৰত ভোগা লৱ স্বৰ্গীয়াৰীক প্ৰায় এবছৰ ধৰি গুৱাহাটীত চিকিৎসা কৰি আৰু দীৰ্ঘদিন নাৰ্ছিং হোমত ৰাখিবলগীয়া হোৱাত মাটি-ভেটি হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰিছে পৰিয়ালটো। আনকি দেউতাকৰ চিকিৎসাৰ বাবে লাগি থাকিবলগীয়া হোৱাত এক মাত্ৰ পুত্ৰ সন্তান জনেও স্নাতকৰ ৫ম ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰিলে বুলি কৈও পৰিয়ালৰ লোকে দুখত ভাগি পৰে। 

বিজেপি দলৰ বাবে নিজৰ পৰিয়ালৰ কথা নভবাকৈ কাম কৰা লৱ স্বৰ্গীয়াৰীৰ পৰিয়ালটোই এতিয়া এমুঠি অন্নৰ বাবে চিন্তিত হব লগা হোৱা বুলি দুখ প্ৰকাশ কৰে আৰু পৰিয়ালটোৰ জীৱন নিৰ্বাহৰ বাবে পৰিয়ালৰ সদস্যক কৰ্ম সংস্থাপন দিয়াৰ বাবেও শাসনাধিস্থ চৰকাৰক কাতৰ অনুৰোধ জনাইছে। 

অৱশ্যে আজি প্ৰয়াত লৱ স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত হোৱা মন্ত্ৰী ভবেশ কলিতাই পৰিয়ালটোৰ সদস্য সকলক লগ ধৰি শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ উপৰিও চৰকাৰৰ তৰফৰ পৰা পৰিয়ালটোক আত্ম সংস্থাপন দিয়া হব বুলিও আশ্বাস দিয়ে।

Your Comments