বটদ্ৰৱা থানত সপত্নীক শিক্ষা সচিব চমছেৰ সিঙ : যোগেশ আতৈৰ স্মৃতিত বাতিল জৰুৰী কাৰ্যনিৰ্বাহক 

batadraba_nagaon_sing

শঙ্কৰদেৱৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ আত্মাস্বৰূপ, মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ একান্ত সেৱক, বৈষ্ণৱ পণ্ডিত, বটদ্ৰৱা থানৰ মূল নামলগোৱা, প্ৰধান আতৈ, কেৱলীয়া ভকত সদ্য-প্ৰয়াত যোগেশ আতৈৰ  প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে আজি গুৰুজয়ন্তী সন্দৰ্ভত অনুষ্ঠিত হবলগীয়া বটদ্ৰৱা থান পৰিচালনা সমিতিৰ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকখন বাতিল কৰা হয় ৷ 


যোৱা ১৭ আগষ্ট নিশা ১০:২০ মিনিটত পৰলোকলৈ গমন কৰা আতৈগৰাকীৰ স্মৃতিত আজি এখনি সভা অনুষ্ঠিত কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে  আতৈৰ পূণ্যাত্মাৰ চিৰশান্তি কামনাৰে ভগৱন্তৰ শ্ৰীচৰনক প্ৰাৰ্থনা জনায় ৷ 

উল্লেখ্য যে, বটদ্ৰৱা থানখনৰ মূল হোতাস্বৰূপ যোগেশ আতৈৰ বিয়োগৰ বাতৰি পাই আজি বটদ্ৰৱা থানত উপস্থিত হয় অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব চমছেৰ সিঙ তথা তেওঁৰ পত্নী ইন্দু সিঙ ৷

 batadraba_sing

নগাঁও জিলা উপায়ুক্ত হৈ থকাসময়চোৱাত আতৈৰ লগত অতি আত্মীয়তা গঢ়ি উঠা গুৰুজনাৰ সেৱক বৰ্তমান অসম চৰকাৰৰ শিক্ষাবিভাগৰ সচিব চমছেৰ সিঙে আজি পত্নী ইন্দু সিং সহিতে বটদ্ৰৱা থানত উপস্থিত হৈ প্ৰয়াত আতৈৰ লগত কটোৱা সময়ৰ  স্মৃতি ৰোমন্থন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ 


ভাদ মাহৰ দ্বিতীয় দিনটোত বটদ্ৰৱা থানত উপস্থিত হোৱা উচ্চপ্ৰদস্ত বিষয়াগৰাকীয়ে শৰাই, নৈবেদ্য আগবঢ়াই কীৰ্তনঘৰ, দৌলমন্দিৰত সেৱা নিবেদন কৰে ৷ পিছত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ লগত থানৰ উন্নয়ন সন্দৰ্ভতো আলোচনাত মিলিত হয়৷


 

Your Comments