নগাঁৱৰ ৰাজপথৰপৰা বলপুৰ্বক কাঢ়ি নিয়া গাড়ী উদ্ধাৰ

nagaon_assam

নগাঁও জিলাৰ মিছা আৰক্ষী চকীৰ আৰক্ষীয়ে নগাঁও সদৰ থানাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই দুস্কৃতিকাৰীয়ে বলপূৰ্বকভাৱে কাঢ়ি লৈ যোৱা এখন টাটা জেনন গাড়ী আজি পুৱা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উদ্ধাৰ কৰা গাড়ীখন নম্বৰ হ'ল এ এছ ০৩- বি চি ৬৩০০। উল্লেখ্যযোগ্য যে যোৰহাটৰ তিতাবৰৰ অংশুমণি বৰুৱাৰ ৪৫ বেগ চাহপাত কঢ়িয়াই অনা টাটা জেনন গাড়ীখন গুৱাহাটী অভিমুখে অাহি থকা অৱস্থাত ১৮ আগষ্টৰ নিশা প্ৰায় ২-৩০ বজাত কলিয়াবৰ বৰালীগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা দুস্কৃতিকাৰীৰ দলে বলপূৰ্বক আগছি ধৰি তাণ্ডৱ চলোৱাৰ লগতে চাহপাত সহ গাড়ীখন লৈ উধাও হয়। 


জানিব পৰা মতে, তিতাবৰৰ বৰহোলা চাহ বাগিচাৰ পৰা গুৱাহাটীলৈ বুলি টাটা জেনন গাড়ীখনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে আহি থকা অৱস্থাত কলিয়াবৰ বৰালীগাঁও পাওঁতেই পাছে পাছে আহি থকা এখন ব'লেৰ পিক-আপ ভানে চাহপাত ভৰ্তি গাড়ীখনক আগভেটি ধৰে আৰু গাড়ীখনৰ পৰা ৬ জনীয়া সশস্ত্ৰ দুৰ্বৃত্তৰ দল এটা নামি আহে আৰু পিষ্টল দেখুৱাই হেণ্ডিমেন প্ৰণৱ গগৈক গুৰুত্বৰ ভাবে আহত কৰি পথৰ দাঁতিত পেলাই থৈ চালক সহ চাহপাত ভৰ্তি গাড়ীখন লৈ উধাও হৈছিল। পাছত স্থানীয় ৰাইজৰ সহযোগত আহত প্ৰনৱ গগৈক উদ্বাৰ কৰি আৰক্ষীয়ে চিকিৎসাৰ ব্যৱস্থা কৰে। 

nagone


এই সন্দৰ্ভত মিছা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হান্নান লস্কৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই কালি পুৱাই নগাঁও জিলাৰ ৰূপহী থানাৰ অন্তৰ্গত পুৱ ছালমাৰাৰ পৰা দুৰ্বৃত্তৰ দলটোৱে পেলাই থৈ যোৱা কেইবাটাও স্থানৰ পৰা ২৫ বেগ চাহ পাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 
আনহাতে দুৰ্বৃত্তৰ দলটোৱে লৈ উধাও হোৱা জেনন গাড়ীখন আজি  মিছা আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষীৰ সহযোগত নগাঁও চহৰৰ সমীপৰ মধ্য শিয়ালমাৰীৰ পৰা উদ্ধাৰ কৰে। উল্লেখ্য যে, বাহনখনৰ চালক ধ্ৰুৱ কছাৰীক চাপানলাৰ সমীপৰ এখন চাহ বাগিছাৰ হাবিত হাত ভৰি বান্ধি দুৰ্বৃত্তৰ দলটোৱে পেলাই থৈ যায়। 
আজি নগাঁও সদৰ সদৰ থানাত এক সংবাদমেল আয়োজন কৰি নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (প্ৰবেচনাৰ) লৱ কুমাৰ ডেকাই উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰহন কৰা স্থিতিৰ বিষয়ে অৱগত কৰি কয়-আৰক্ষীয়ে দুস্কৃতিকাৰী দলটোৰ নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু অতি শীঘ্ৰে দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব।  সংবাদমেলখনত নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত দাস আৰু মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হান্নান লস্কৰ, বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পঙ্কজ মহন্ত উপস্থিত আছিল। 

Your Comments