মুকালমুৱাত ভুৱা কম্পিউটাৰ কেন্দ্ৰৰ দৌৰাত্মত ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ  

computer_mukalmuya_nalbari

বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাণ কেন্দ্ৰ স্বৰুপ মুকালমুৱা মহকুমাৰ এখন ব্যক্তিগত কম্পিউটাৰ প্ৰশিক্ষনৰ বিৰুদ্ধে অঞ্চলতোৰ শ শ ছাত্ৰ-ছাত্ৰীক  মিছা প্ৰলোভনৰে চৰকাৰী ডিপ্লোমা দিব বুলি কৈ ৰাম ঠগন দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰা মতে, মুকালমুৱাৰ নলবাৰী পথত থকা উইংছ কম্পিউটাৰ নামৰ প্ৰশিক্ষণ কেন্দ্ৰটোৱে নিজকে চৰকাৰী কেন্দ্ৰ বুলি দাবী কৰি ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰ শিকাৰ অন্তত চৰকাৰী ডিপ্লমা দিব বুলি কৈ মিছা প্ৰলোভনৰে নাম ভৰ্তি কৰি আহিছে।

চৰকাৰী কেন্দ্ৰ বুলি শুনি আৰু কেন্দ্ৰটোৰ ভুৱা বেনাৰ পোষ্টাৰ দেখি তথা ধূৰন্ধৰ মালিক গৰাকীৰ মৌ সনা মাতত ভোল গৈ শ শ ছাত্ৰ-ছাত্ৰী নামভৰ্তি কৰিছে। এচাম ছাত্ৰ ছাত্ৰীয়ে কেন্দ্ৰতোৰ পৰা পাঠ্যক্ৰমৰ অন্তত চৰকাৰী ডিপ্লোমা নাপাই হাহাকাৰ কৰিব লগা হৈছে। ধুৰন্ধৰ মালিক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা প্ৰথমতে পাঠ্যক্ৰমৰ মুঠ ধন আগতীয়াকৈ লৈ পাছত কোনো ধৰণৰ ফিছ নালাগে বুলি মিছা কৈ পাঠ্যক্ৰম কৰি থকাৰ মাজতে ভিভিন্ন বাহানা উলিয়াই ব্যতিব্যস্ত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ পৰা নানা ধৰণৰ ফিছ লোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

যিটো সময়ত এচাম ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠানে কেৱল ব্যৱসায়িক স্বাৰ্থত ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলি আইনৰ মেৰ পিছত পৰিব লগা হৈছে তেনে সময়তে মুকালমুৱাৰ এই কেন্দ্ৰটোক লৈও চলিছে এতিয়া ৰাইজৰ মাজত ব্যপক চৰ্চা।সমগ্ৰ ঘটনা সন্দৰ্ভত চৰজমিন তদন্ত কৰি বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই এক উচ্চ পৰ্যায়ৰ তদন্ত চলাই কেন্দ্ৰতোৰ বিৰুদ্ধে উচিত ব্যৱস্থা লবলৈ এখন স্মাৰক পত্ৰ অৰ্পণ কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীক। সন্থাৰ সভাপতি ৰফিকুল ইছলামে কয় যে ছাত্ৰ জীৱনৰ লগত হেতালি খেলা তেওঁ লোকে কোনো পধ্যেই সহ্য নকৰে।

ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হব লাগিব। কিন্তু প্ৰশ্ন হয় উইংছ কম্পিউটাৰ নামৰ মুকালমুৱাৰ কম্পিউটাৰ প্ৰশিক্ষন কেন্দ্ৰতোৰ মালিক গৰাকীয়ে মিছাকৈ  ছাত্র ছাত্ৰী সকলক চৰকাৰী কেন্দ্ৰ বুলি নাইবা চৰকাৰী ডিপ্লোমা যোগান ধৰিব বুলি ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত খেলিবলৈ মৰসাহ কত পালে। প্ৰশাসনে নাকী লগাব পাৰিব নে কেন্দ্ৰটোক।

Your Comments