নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ জাজৰি অঞ্চলৰ সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা লোকসকলক সামৰি গঠিত জাজৰি প্ৰেছ ক্লাৱৰ ১২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে স্থানীয় জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত সফল সামৰনি পৰে ৷ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত শিক্ষাবিদ ফইজুৰ ৰহমানে স্মৃতি তৰ্পন কৰাৰ অন্তত ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰাইজমানী চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
সুৰেশ হাজৰিকাৰ বৰগীতৰ পাছতেই ১১ বজাৰ পৰা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুল কটকীৰ সভাপতিত্বত অনুষ্ঠিত হয় এক মুকলি সভা। সভাৰ আৰম্ভনিতে প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা জননেতা অটল বিহাৰী বাজপেয়ীৰ আত্মাৰ সদগতিৰ কামনাৰে তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু ১ মিনিট মৌন প্ৰাৰ্থনাৰ পাছতেই সভাৰ উদ্দেশ্য বাখ্যা কৰে জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে। বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতিয়ে উদ্বোধন কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপষ্ঠিত থাকে বিশিষ্ট সাহিত্যিক, লেখক মৃদুপৱন বৰা।
বিশিষ্ট অতিথি ৰুপে উপষ্ঠিত থাকে সাহিত্যিক থগিত মহন্ত, দৈনিক বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক দেভিদ দাস, জ্যেষ্ঠ সাংবাদিক সমৰেন্দ্ৰ নাৰায়ন বৰাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট লেখক, সাহিত্যিক আৰু সাংবাদিক উপস্থিত থাকে। উক্ত অনুষ্ঠানত জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈ, সম্পাদক ৰাহুলদেৱ বৰদলৈ, সংবাদদাতা মৃগেন কুমাৰ নাথ, দিলদাৰ হুচেইন, দেৱব্ৰত বৰা, নিখিল ৰঞ্জন গোস্বামী, কল্যান কুমাৰ বৰা উপষ্ঠিত থাকে।
ইফালে,মুকলি সভাৰ অন্তত সোণাইপৰীয়া শাখা কবি সন্মিলনৰ ব্যৱস্থাপনাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী "কবিমেল" অনুষ্ঠিত হয়। কেশৱ বৰাৰ সঞ্চালনা কৰা এই "কবিমেল"ত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া, বিশিষ্ট কবি পৰান কুমাৰ বৰুৱা অাৰু বিভিন্ন প্ৰান্তৰ প্ৰায় দুকুৰিৰো অধিক ন-পুৰণি কবিয়ে অংশগ্ৰহনেৰে কাব্য ৰসৰ সোৱাদ দি অনুষ্ঠানটি জীপাল কৰে। প্ৰায় শতাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানটিৰ অন্তত সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে।
- Log in to post comments
- 11 views