নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত দৌলাশালত যোৱা নিশা সংঘটিত এক লোমহৰ্ষক ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিশা বন্ধ ঘৰত ডিঙি ৰেপি হত্যাৰ চেষ্টা এজনক । অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হোৱা লোকজন দৌলাশালৰ কৰুণা কান্ত পাঠক ( ৫১) বুলি জানিব পৰা গৈছে । ঘটনাৰ বিৱৰণী মতে বামুণবড়ী শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক দৌলাশালৰ কৰুণা কান্ত পাঠকে গাঁওতে থকা শহুৰেকৰ ঘৰৰ পৰা আহি নিশা নিজ ঘৰত অকলে আছিল ।
পুৱা তেওঁৰ পত্নীয়ে ফোন কৰি খবৰ লোৱাত ফোনৰ চুইচ অফ থকাত ওচৰৰে এগৰাকী মহিলাক খবৰ ল'বলৈ দিয়ে ।চুবুৰীয়া মহিলাগৰাকীয়ে বাৰাণ্ডাত থকা গ্ৰিলৰ দৰ্জাত ভিতৰৰ পৰা তলা ওলোমাই থকা দেখি পিছ ফালৰ উন্মুক্ত হৈ থকা গ্ৰীলযুক্ত খিৰীকী এখনেৰে মাতিবলৈ লোৱাত গুৰুতৰভাৱে আহত পাঠকে গ্ৰীলৰ চাবি খিৰীকীৰে দলিয়াই দিয়ে যদিও মহিলাগৰাকীয়ে তেজেৰে লুতুৰিপুতুৰি হৈ থকা কৰুণা পাঠকক দেখি আতংকিত হয় আৰু মহিলাগৰাকীৰ স্বামীয়ে গ্ৰীলৰ দৰ্জা খুলি ঘৰৰ ভিতৰত প্ৰবেশ কৰি তেজে তুমৰিল হৈ বিচনাত পৰি থকা পাঠকক ডিঙিত কটা অৱস্থাত প্ৰত্যক্ষ কৰে ।
মুহূৰ্ততে অঞ্চলটোত হুৱা-দুৱা লাগে । লগে লগে সংকটজনক অৱস্থাত মুকালমুৱা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে পাঠকক । কৰুণা কান্ত পাঠক বামণবড়ীস্থিত শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ৰ উচ্চ বৰ্গ সহায়ক হিচাপে কৰ্মৰত আছিল । তিনিটা সন্তানৰ পিতৃ কৰুণাকান্ত পাঠকে নিশা অকলে আছিল বাসগৃহত আৰু সন্তানসহ পত্নী আছিল মাতৃগৃহত। একাংশ স্থানীয় লোকে ইয়াক আত্মহত্যাৰ অপচেষ্টা বুলি ক'ব খোজে যদিও আত্মহত্যাৰ অপচেষ্টা নে দুৰ্বৃত্তৰ আক্ৰমণ এয়া ৰহস্যজনক হৈ পৰিছে । উল্লেখ্য যে ঘৰটোৰ দুৱাৰবোৰো ভিতৰৰ পৰা বন্ধ কৰা আছিল ।
আনহাতে ঘৰটোৰ কেইবাটাও কোঠাত তেজৰ চেঁকুৰা পৰি থকাৰ লগতে বিচনাৰ কাপোৰবোৰতো তেজৰ দাগ স্পষ্ট হৈ আছে । ঘটনাস্থলীত দৌলাশাল আৰক্ষী আৰু মুকালমুৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।ঘৰৰ মজিয়াত পৰি থকা ব্লেড এখনো উদ্ধাৰ কৰে আৰক্ষীয়ে । তদন্তৰ অন্ততহে প্ৰকৃত ৰহস্য উদঘাটন হ'ব বুলি আৰক্ষী আৰু স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কে চি দাসে জানিবলৈ দিয়ে।
- Log in to post comments
- 7 views