দৌলাশালত মৃত নৱজাতক উদ্ধাৰ, অঞ্চলজুৰি চাঞ্চল্য

doulasal_nalbari_assam

এক অমানৱীয় কাণ্ডই জোকাৰি গ'ল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল অঞ্চল। নিজৰ কলংক ঢাকিবলৈ গৰ্ভস্থ সন্তানক কঁচুৱনিত দলিওয়া এক অমানৱীয় কাণ্ড সংঘটিত কৰিলে কোনো পাষণ্ডই । ঘটনাৰ বিৱৰণী মতে কালি দৌলাশাল চক বজাৰৰ এটি পৰিত্যক্ত পুখুৰীৰ পাৰত থকা কঁচুৱনিৰ মাজত এটি নৱজাতক মৃত অৱস্থাত উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে এগৰাকী স্থানীয় শ্ৰমিকে কঁচুৱনি চাফাই কৰিবলৈ আহি  পলিথিনৰ মোনাৰ ভিতৰত এটি নৱজাতক প্ৰত্যক্ষ কৰি ৰাইজক অৱগত কৰায়। পিছত দৌলাশাল উন্নতি সাধিনী সভাৰ বিষয়-ববীয়াই ঘটনা সন্দৰ্ভত দৌলাশাল আৰক্ষী চকীত খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জগানন্দ বড়োৰ নেতৃত্বত এদল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰি নলবাৰীৰ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

আনহাতে স্থানীয় ৰাইজে এয়া এক অবৈধ গৰ্ভপাত আৰু নিজৰ কলংক ঢাকিবলৈ এনে অমানৱীয় কাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে লগতে ঘটনাত জড়িত ব্যক্তিসকলক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈও আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে ।

Your Comments